জীৱনশৈলী

মানি প্লাণ্ট ঘৰৰ ক’ত স্থাপন কৰিব জানো আহক

ঘৰত এটা মানি প্লাণ্ট স্থাপন কৰিলে অৰ্থনৈতিক পৰিস্থিতি উন্নত হয়

বাস্তু শাস্ত্ৰই মানি প্লাণ্টৰ ওপৰত যথেষ্ট পৰিমাণে গুৰুত্ব প্ৰদান কৰে। কোৱা হয় যে, ঘৰত এটা মানি প্লাণ্ট স্থাপন কৰিলে অৰ্থনৈতিক পৰিস্থিতি উন্নত হয়। প্ৰায়ে মানুহে মানি প্লাণ্ট তেওঁলোকৰ ঘৰৰ যিকোনো ঠাইত ৰাখে, কিন্তু এনে কৰাটো ভুল। বাস্তু শাস্ত্ৰৰ মতে মানি প্লাণ্টৰ বাবে কিছুমান বিশেষ নিয়ম আছে। আপুনি এই নিয়মবোৰ সঠিকভাৱে যদি অনুসৰণ কৰে তেন্তে আপোনাৰ ভাগ্য জিলিকি উঠিব পাৰে।

সংগৃহীত ফটো-মানি প্লান্ট

– বাস্তু শাস্ত্ৰৰ মতে, ঘৰটোৰ দক্ষিণ-পূব দিশত স্থাপন কৰিব লাগে মানি প্লাণ্ট। ইয়াৰ ফলত ঘৰত ইতিবাচক শক্তি উৎপন্ন হয়। একে সময়তে, অৰ্থনৈতিক পৰিস্থিতিও উন্নত হয় বুলি বাস্তু শাস্ত্ৰই জনায় ।

– ঘৰৰ দক্ষিণ-পূব দিশত স্থাপন কৰাটো এক প্ৰকাৰৰ ভাল। দৰাচলতে, দক্ষিণ-পূব দিশক ভগৱান গণেশৰ দিশ বুলি গণ্য কৰা হয়। এই দিশত এটা মানি প্লাণ্ট(ধন উদ্ভিদ) ৰখাটোৱে ঘৰৰ লোকসকলৰ ভাগ্য উজ্জ্বল কৰে আৰু অৰ্থনৈতিক লাভালাভ আনে।

– বাস্তু শাস্ত্ৰৰ মতে, মানি প্লাণ্ট কেতিয়াও ঘৰৰ উত্তৰ-পূব দিশত স্থাপন কৰিব নালাগে। এনে কৰিলে ঘৰৰ ভিতৰত নেতিবাচক শক্তি আহে। উত্তৰ-পূব দিশটো গুৰু বৃহস্পতিৰ দ্বাৰা নিয়ন্ত্ৰণ হয় বুলি বাস্তু শাস্ত্ৰই বিশ্বাস কৰে । জ্যোতিবিজ্ঞানী সকলৰ অধ্যয়ন আৰু বিশ্বাস অনুসৰি শুক্ৰ আৰু বৃহস্পতি ইজনে সিজনৰ বিৰোধী । সেয়েহে, উত্তৰ-পূব দিশত ঘৰৰ এক সৌন্দৰ্যৰ বাহক লগতে ইয়াৰ জৰিয়তে ধন ঐশ্বৰ্য ঘৰলৈ অহা বুলি ভবা মানি প্লাণ্ট এই দিশত স্থাপন কৰিব নালাগে।

সংগৃহীত ফটো-মানি প্লান্ট

– ইয়াৰ উপৰিও ঘৰৰ পূব আৰু পশ্চিম দিশত কেতিয়াও এই উদ্ভিদ বিধ স্থাপন কৰিব নালাগে। এই দিশত এই উদ্ভিদ ৰাখিলে পৰিয়ালৰ সদস্যসকলৰ মাজত মানসিক চাপৰ সৃষ্টি হয়, লগতে পাৰস্পৰিকৰ মাজত পাৰ্থক্যৰ সম্ভাৱনা বৃদ্ধি কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.