শ্ৰেণীবিহীন

ৰংজুলি আঞ্চলিক বন বিষয়াৰ গুৰুত্বপূৰ্ণ সংবাদমেল!

সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ দিশৰ উন্মোচন

ৰংজুলি আঞ্চলিক বন বিষয়াৰ গুৰুত্বপূৰ্ণ সংবাদমেল! তিনি মাহ পূৰ্বে ৰংজুলি বনাঞ্চলিক বিষয়া হিচাপে যোগদান কৰা চেলিম আহমেদে সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ দিশৰ উন্মোচন কৰেI

গোৱালপাৰা জিলাৰ ৰংজুলি বনাঞ্চলত হৈছে বেদখলl তিনি মাহত ১৫ হেক্টৰ বনভূমি বেদখল মুক্ত বন বিভাগৰl কৰোণাকালীন পৰিস্থিতি উন্নত হ’লে পুনৰ চলিব বেদখল উচ্ছেদ অভিযানl

বনভূমি বেদখলৰ ফলতে বৃদ্ধি পাইছে হাতী – মানুহৰ সংঘাতl বনাঞ্চলত বিচৰণভূমি আৰু খাদ্য হ্ৰাস পোৱাৰ বাবেই বন্যহস্তী ওলাই আহিছে জনাঞ্চললৈl

বৰ্তমান ৰংজুলি বনাঞ্চলত এটাও নাই অবৈধ কাঠ ফলা মিলl তিনি মাহত ৰংজুলি বনাঞ্চল এলেকাৰ পৰা সাতটা অবৈধ কাঠ ফলা মিল উচ্ছেদ কৰাৰ লগতে জব্দ কৰা হৈছে বহু লক্ষাধিক টকাৰ কাঠৰ কুণ্ডাl

অবৈধ কাঠফলা মিল, লক্ষ লক্ষ টকাৰ চোৰাং কাঠ জব্দ কৰাৰ লগতে জব্দ কৰা হৈছে কেইবাখনো চোৰাং কাঠ সৰবৰাহ কৰা বাহনl

কোনো দুৰ্নীতি প্ৰশ্ৰয় নিদিয়াৰ হুংকাৰ বন বিষয়া চেলিম আহমেদৰI লগতে সকলো সময়তে বন বিভাগক সহযোগ কৰিবলৈ ৰাইজ তথা সংবাদ মাধ্যমলৈ আহ্বান ৰেঞ্জাৰ গৰাকীৰl

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 − five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.