আন্তঃৰাষ্ট্ৰীয়খেলদৈনিক বাতৰিভাৰত

পেৰা অলিম্পিকত দুটা পদক জয়ৰে ভাৰতলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিলে অৱনী লেখাৰাই

কিছুদিন পূৰ্বে ১০ মিটাৰ এয়াৰ ৰাইফলত স্বৰ্ণ জয় কৰি পেৰা অলিম্পিকত স্বৰ্ণ জয়ী প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপে খ্যাতি লাভ কৰিছিল অৱনী লেখাৰাই

পেৰা অলিম্পিকৰ পৰা ভাৰতলৈ প্ৰত্যেকদিনাই আহিছে ভাল খবৰ। পেৰা অলিম্পিকত সোণৰ পদক দখল কৰাৰ পিছত দ্বিতীয়টো পদক জয় কৰিবলৈ সক্ষম হৈছে খেলুৱৈ অৱনী লেখাৰাই।

শুকুৰবাৰে, মহিলাৰ ৫০ মিটাৰ ৰাইফল থ্ৰী পজিচনছ(women’s 50m Rifle 3 Positions (SH1)ত ব্ৰঞ্জ জয়ৰে গৌৰৱ কঢ়িয়াই আনিছে খেলুৱৈগৰাকীয়ে। ১৯ বছৰীয়া খেলুৱৈগৰাকীয়ে কিছুদিন পূৰ্বে ১০ মিটাৰ এয়াৰ ৰাইফলত স্বৰ্ণ জয় কৰি পেৰা অলিম্পিকত স্বৰ্ণ জয়ী প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপে খ্যাতি লাভ কৰিছিল। টকিঅ’ত গুঞ্জৰিত হৈছিল ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত।

শুকুৰবাৰে, ব্ৰঞ্জ জয়ৰে পুনৰ ইতিহাস ৰচিলে খেলুৱৈগৰাকীয়ে। আনহাতে, একেখন পেৰা অলিম্পিকত দুটাকৈ পদক বিজয়ী অৱনী লেখাৰা হৈছে প্ৰথমগৰাকী মহিলা খেলুৱৈ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − 4 =

Back to top button