leatest updateঅসমগুৱাহাটীদৈনিক বাতৰি

 জলমগ্ন ধেমাজিৰ ১৫ খনকৈ গাওঁ।

পাহাৰত মুষলধাৰ বৰষুণৰ ফলত উপন্দি উঠিছে নৈ উপনৈৰ লগতে গাই নদীৰ জলপৃষ্ঠ

যোৱা কেইবাদিন ধৰি ধাৰাবাহিকভাৱে অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুনাচল প্ৰদেশৰ পাহাৰত মুষলধাৰ বৰষুণৰ ফলত এতিয়া উপন্দি উঠিছে নৈ উপনৈ সমূহৰ লগতে গাই নদীৰ জলপৃষ্ঠ । ধেমাজিৰ চিচিবৰগাঁও গাইনদীৰ নামনি অংশত প্ৰথমটো বানত জলমগ্ন হৈ পৰিছে ১৫ খনকৈ গাওঁ ৷

উল্লেখ্য যে যোৱা দুটা বছৰে বাৰিষাৰ প্ৰবল বানত গাইনদীৰ নামনি অংশৰ চোমনিত মথাউৰি চিঙি যোৱাত বিস্তৃত এলেকাৰ বিশাল পথাৰ শ শ কৃষিভূমি বিনষ্ট কৰি পেলালে আমগুৰি পঞ্চায়তৰ অৰ্ধ শতাধিক গাঁৱৰ ৰাইজ। এইবেলি বাৰিষাৰ পুৰ্বৰে গাইনদী মথাউৰিৰ চিগা অংশৰ মেৰামতিৰ কাম জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগু আৰু লক্ষিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই ফিটাকাটি শুভ উদ্বোধন কৰিলে ঠিকেই কিন্ত আজিও নিৰ্মান সম্পূৰ্ণ নোহোৱাত পুনৰ প্ৰথমটো বাৰিষাৰ বাঢ়নী পানী মুখামুখি হোৱাত বাৰুকৈয়ে চিন্তিত কৰি তুলিছে এই সকল ৰাইজক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.