Assam

‘ব্ৰেইন ইটিং এমিবা’ ত ১৮ জন ৰোগীৰ মৃ/ত্যু

ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব

সাৱধান দেশত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে ‘ব্ৰেইন ইটিং এমিবা’ ৰ। বৰ্তমানৰ লৈকে এই ৰোগত প্ৰায় ১৮ জন ৰোগীৰ মৃত্যু হৈছে।ইয়াৰ লগতে সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কেৰেলাৰ স্বাস্থ্য মন্ত্ৰী বীণা জৰ্জে শীঘ্ৰে জল সুৰক্ষা আৰু প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে।পিছতে কি হয় ‘ব্ৰেইন ইটিং এমিবা’ ?এমিবিক মেনিংগোয়েনছেফেলাইটিছক সাধাৰণতে ‘ব্ৰেইন-ইটিং এমিবা’ বুলি কোৱা হয়। ব্ৰেইন ইটিং এমিবা নেগ্লেৰিয়া ফাউলেৰী নামৰ এমিবাৰ পৰা হয়। এই জীৱবিধ গৰম আৰু লেতেৰা বা ভালদৰে পৰিষ্কাৰ নকৰা পানীত থাকে আৰু নাকেৰে শৰীৰত প্ৰৱেশ কৰে৷ ইয়াৰ সংক্ৰমণ সোনকালে বিয়পি নপৰে, কিন্তু ইয়াৰ মৃত্যুৰ হাৰ অতি বেছি বুলি জানিব পৰা গৈছে।

-অধিক জ্বৰ, মূৰৰ বিষ আৰু বমি ,পেটৰ অসহজ ভাৱ আদি হৈছে এই ৰোগৰ লক্ষণসমূহ ।

-ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব

পৰাপক্ষত লেতেৰা পানীৰ লগতে পুখুৰীত সাঁতোৰাৰ পৰা বিৰত থাকক। নাক পৰিষ্কাৰ কৰি ৰাখিব ।ঘৰৰ পানীৰ টেংকী আৰু কুঁৱা পৰিষ্কাৰ আৰু বীজাণুমুক্ত কৰি ৰাখক। কুঁৱা সদায় ঢাকি ৰাখিব।
জ্বৰ, মূৰৰ বিষ, বমি বা ডিঙিৰ জঠৰতা অনুভৱ কৰিলে শীঘ্ৰে চিকিৎসকৰ কাষ পৰামৰ্শ। সঠিক সময়ত চিনাক্ত কৰিব পাৰিলে চিকিৎসাৰ জৰিয়তে জীৱন ৰক্ষাৰ সম্ভাৱনা বৃদ্ধিপায়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight − 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.