জীৱনশৈলীদৈনিক বাতৰিভাৰত

‘মৰমৰ ছাৰ। মই আপোনাৰ কৰ্মচাৰী মনোজৰ পত্নী…’। ছ’চিয়েল মিডিয়াত কিয় খলকনি তুলিছে এইখন চিঠিয়ে…?

টুইটাৰত এই পোষ্ট দিয়াৰ পিছতে একে পৰিস্থিতিত থকা বহু মহিলাই কমেন্ট কৰি অফিচ খোলাৰ বাবে অনুৰোধ জনায়

ক’ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়ত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ সকলো কাৰ্যালয়তে বাধ্যতামূলক কৰা হৈছিল ‘ৱৰ্ক ফ্ৰম হোম’। চৰকাৰী-বেচৰকাৰী সকলো কৰ্মচাৰীয়ে ‘ৱৰ্ক ফ্ৰম হোম’ৰ জৰিয়তে অফিচৰ কাম-কাজ কৰা পৰিলক্ষিত হৈছে।
কিন্তু বৰ্তমান চৰ্চালৈ আহিছে এই ‘ৱৰ্ক ফ্ৰম হোম’ক কেন্দ্ৰ কৰি লিখা এখন বিশেষ চিঠি। যিখন চিঠিয়ে এতিয়া আমোদ দিছে সকলোকে।

চিঠিখনে সকলোৰে পৰা অধিক মনোযোগ লাভ কৰে, যেতিয়া ব্যৱসায়ী হৰ্ষ গোয়েংকাই টুইটাৰত শ্বেয়াৰ কৰে এই বিশেষ চিঠিখন। চিঠিখন শ্বেয়াৰ কৰি তেওঁ লিখে যে, ” মই নাজোনো কেনেকৈ তেওঁক সঁহাৰি জনাম”।

চিঠিখনত এগৰাকী কৰ্মচাৰীয়ে এনেকৈ লিখিছিল, ” মৰমৰ ছাৰ, মই আপোনাৰ কৰ্মচাৰী মনোজৰ পত্নী। এতিয়াৰ পৰা তেওঁক অফিচত কাম কৰিবলৈ অনুমতি দিয়াৰ বাবে বিনম্ৰ অনুৰোধ জনাইছো। তেখেতে ইতিমধ্যে দুটা ভেকচিন গ্ৰহণ কৰিছে আৰু তেখেতে সকলো ক’ভিড প্ৰটক’ল মানি চলিব।…..যদি ৱৰ্ক ফ্ৰম হোম চলি থাকে, তেন্তে আমাৰ বৈবাহিক জীৱনো বেছিদিন নিটিকে”।

টুইটাৰত এই পোষ্ট দিয়াৰ পিছতে একে পৰিস্থিতিত থকা বহু মহিলাই কমেন্ট কৰি অফিচ খোলাৰ বাবে অনুৰোধ জনায়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.