অসম

প্ৰৱল বৃষ্টিপাতৰ আগজাননী, আগন্তুক সাত দিনত অসমত হ’ব নেৰানেপেৰা বৰষুণ

৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত গুৱাহাটী মহানগৰীত পাতলীয়া বৰষুণৰ লগতে গাজনি-ঢেৰেকনিও হ'ব।

আগন্তুক সাত দিনত প্ৰৱল বৃষ্টিপাতৰ সন্মুখীন হ’ব ৰাজ্যবাসী। অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ভিন্ন ঠাইত হ’ব প্ৰৱল বৃষ্টিপাত।

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ মন্তব্য অনুসৰি অসমৰ ভিন্ন স্থানত হ’ব বৰষুণ। ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত গুৱাহাটী মহানগৰীত পাতলীয়া বৰষুণৰ লগতে গাজনি-ঢেৰেকনিও হ’ব। ২ আৰু ৩ ফেব্ৰুৱাৰীতো হ’ব বৰষুণ।

আনহাতে, ২৯ জানুৱাৰী আৰু ৩০ জানুৱাৰীত আকাশ পৰিষ্কাৰ থকাৰ লগতে বায়ুমণ্ডল যথেষ্ট ঠাণ্ডা হৈ থাকিব। অসম, মেঘালয়, নাগালেণ্ডত ফেব্ৰুৱাৰীৰ প্ৰথম ভাগত পাতলীয়াৰ পৰা প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে বুলি আগজাননী দিছে আঞ্চলিক বতৰবিজ্ঞান কেন্দ্ৰই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − fifteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.