AssamCity newsInternationalleatest updatepoliticalঅসমআমেৰিকাগুৱাহাটীদৈনিক বাতৰিবিশ্বৰাজনৈতিক

কিয় গ্ৰীণলেণ্ডক লৈ তৎপৰ ডনাল্ড ট্ৰাম্প? গ্ৰীণলেণ্ডৰ পৰা আমেৰিকাৰ কি লাভ হ’ব?

গ্ৰীণলেণ্ডত আছে পৃথিৱীৰ দুৰ্লভ খনিজ তেল আৰু গেছৰ বিশাল ভাণ্ডাৰ। আমেৰিকাই এই খনিজাত সম্পদ নিজৰ উদ্যোগিক বিকাশৰ বাবে ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে।

আনুষ্ঠানিকভাৱে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব এতিয়াও লোৱা নাই ট্ৰাম্পে। শপতগ্ৰহণৰ পূৰ্বেই বৃহত্তম আমেৰিকা গঠনৰ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিছে ট্ৰাম্পে। ট্ৰাম্পক লাগে পৃথিৱীৰ বৃহত্তম দ্বীপ ডেনমাৰ্কৰ গ্ৰীণলেণ্ড। আমেৰিকাক গ্ৰীণলেণ্ড বিক্ৰী কৰিবলৈ ট্ৰাম্পে ডেনমাৰ্কৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে। প্ৰশ্ন উঠিছে কিয়, গ্ৰীণলেণ্ডক লৈ তৎপৰ ডনাল্ড ট্ৰাম্প। গ্ৰীণলেণ্ডৰ পৰা আমেৰিকাৰ কি লাভ হ’ব? গ্ৰীণলেণ্ড হৈছে খনিজাত সম্পদৰ ভাণ্ডাৰ। সামৰিক দৃষ্টিকোণৰ ফালৰ পৰাও গ্ৰীণলেণ্ডৰ গুৰুত্ব অপৰিসীম। গ্ৰীণলেণ্ড ARCTIC অঞ্চলস্থিত। এই এলেকাটোৰ পৰাই ৰাছিয়া আৰু ইউৰোপৰ ওপৰত দৃষ্টি ৰখাটো সহজ হৈ উঠে। গ্ৰীণলেণ্ডত আছে পৃথিৱীৰ দুৰ্লভ খনিজ তেল আৰু গেছৰ বিশাল ভাণ্ডাৰ। আমেৰিকাই এই খনিজাত সম্পদ নিজৰ উদ্যোগিক বিকাশৰ বাবে ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ উপৰি জলবায়ু পৰিৱৰ্তনৰ বাবে গ্ৰীণলেণ্ডত বৰফ ক্ৰমশঃ গলিব ধৰিছে। ফলত এই এলেকাটোৰে সমুদ্ৰ পথ মুকলি হোৱাৰ সম্ভাৱনা দেখিছে আমেৰিকাই। গ্ৰীণলেণ্ড দখললৈ গ’লে ৰাছিয়া আৰু চীনতকৈও আমেৰিকাৰ ভৌগোলিক আৰু সামৰিক শক্তি অধিক বৃদ্ধি হ’ব। উল্লেখ্য যে ডেনমাৰ্কৰ শেহতীয়া অৰ্থনীতিক অৱস্থা উন্নত নহয়। তেনে ক্ষেত্ৰত আমেৰিকাৰ আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি ডেনমাৰ্কে গ্ৰীণলেণ্ড বিক্ৰী কৰিলে আচৰিত হ’বলগীয়া একো নাথাকিব। সবাতোকৈ ডাঙৰ কথাটো হৈছে গ্ৰীণলেণ্ডত আছে বিশ্বৰ ৭ শতাংশ সজীৱ প্ৰাণী। গ্ৰীণলেণ্ডৰ অধিকাংশ বৰফেৰে ঢাকি ৰখা এলেকা।

 

 

 

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.