অভিনয়অসমজীৱনশৈলীদৈনিক বাতৰিবলিউডভাৰতসংস্কৃতি

ভাৰতৰত্ন কুকিল কণ্ঠী লতা মংগেশকাৰৰ আজি উপজা দিন

৯২ বছৰত ভৰি দিলে লতা মংগেশকাৰে

সমগ্ৰ দেশক নিজৰ কুকিল কণ্ঠৰে মোহচন্ন কৰি ৰখা গায়িকা লতা মংগেশকাৰৰ আজি জন্মদিন। ৯২ বছৰত ভৰি দিলে ভাৰতৰত্ন লোকপ্ৰিয় গায়িকাগৰাকীয়ে।
১৯২৯ চনৰ আজিৰ দিনটোতে মধ্যপ্ৰদেশৰ ইন্দ’ৰত দীননাথ মংগেশকাৰৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল লতা মংগেশকাৰে।
সৰুৰে পৰা সংগীতৰ প্ৰতি প্ৰৱল আগ্ৰহী লতাই ১৩ বছৰ বয়সতে হেৰুৱাইছিল পিতৃক। পিতৃৰ মৃত্যুৰ পাছত অনিচ্ছা সত্ত্বেও তেও ছবিত অভিনয় কৰিবলৈ আৰম্ভ কৰিছিল। ১৯৪২ চনত তেও প্ৰথম অভিনয় কৰা ছবিখনৰ নাম আছিল ‘পাহিলী মঙ্গাগৌৰ’।একেটা বছৰতে তেও মাৰাঠী ছবি ‘কিতী হচাল’ত প্ৰথম কন্ঠ নিগৰাইছিল। সেয়াই আছিল লতা মংগেশকাৰৰ জীৱনৰ আৰম্ভণি। তেতিয়াৰ পৰা আৰু পিছলৈ ঘূৰি চোৱা নাই লতা মংগেশকাৰে।
৮টা দশকজুৰি ৩০টাতকৈ অধিক ভাষাত গান গাই সংগীতৰ জগতখনত আজিও আধিপত্য বজাই ৰাখিছে লতা মংগেশকাৰে।
লতা মংগেশকাৰৰ প্ৰথম নাম আছিল হেমা। পাঁচ বছৰৰ বয়সত তেওঁৰ নাম সলনি কৰি ৰখা হয় লতা।
সংগীতক সাৰথি কৰি আজীৱন অবিবাহিত এই মহান শিল্পী গৰাকীয়ে সুধাকন্ঠৰ সৈতে কেইবাটাও অসমীয়া গীততো কন্ঠ নিগৰাইছিল। সুধাকন্ঠৰ সৈতে অতি সুসম্পৰ্ক আছিল লতা মংগেশকাৰৰ।
৯২ সংখ্যক জন্মদিনত সমগ্ৰ দেশৰ লাখ লাখ অনুৰাগীয়ে লতা দীক শুভকামনা জ্ঞাপন কৰা লগতে দেশৰ প্ৰধানমন্ত্ৰীয়েও টুইটাৰযোগে জনালে জন্মদিনৰ শুভেচ্ছা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.