অসমদুৰ্ঘটনা

বনভোজ খাবলৈ গৈ নিখোজ হোৱা ৰক্তিম বৰুৱাৰ মৃতদেহ উদ্ধাৰ

৫ ডিচেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল বৰুৱা

বনভোজ খাবলৈ আহি ধনশিৰি নদীত সন্ধানহীন হোৱা নুমলীগড়ৰ তেল শোধনাগাৰৰ অভিযন্তা ৰক্তিম বৰুৱাৰ মৃতদেহৰ আজি পুৱা সন্ধান ওলাল৷ আজি চতুৰ্থ দিনা ধনশিৰি নদীৰ পানী যুৱলীত বৰুৱাৰ মৃতদেহটো উপঙি থকা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। দেওবাৰৰ পৰা DDRF য়ে অভিযান চলাই সন্ধান নোপোৱাত দেওবাৰে SDRF আৰু গুৱাহাটীৰ পৰা অহা NDRF জোৱানে চাৰিখন নাও আৰু স্থানীয় লোকৰ এখন নাৱে পুৱাৰে পৰা বহু চেষ্টা কৰিও অভিযন্তাজনৰ সন্ধান উলিয়াব নোৱাৰি সন্ধিয়া অভিযান সামৰিবলগা হৈছিল৷

গোলাঘাট জিলাৰ থুৰামুখৰ ধনশিৰি নৈৰ পাৰত দেওবাৰে বনভোজ খাই অভিয়ন্তা গৰাকীৰ কণমানি কণ্যা আৰু পুত্ৰই খেলি থকা বলটো নদীৰ পানীৰ দিশে যাওতে শিশু দুটাই পানীৰ পৰা বলটো আনিবলৈ যোৱাত শিশু দুটি উটি যায় ৷ স্থানীয় এজন কিশোৰে শিশুদুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অন্যহাতে শিশু দুটিক উদ্ধাৰৰ বাবে যাওতে নদীৰ পানীৰ গভীৰতাত নিখোজ হৈছিল অভিযন্তাগৰাকী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.