leatest updateঅসমগুৱাহাটী

ভয়ংকৰ প্ৰদূষণৰ কবলত গুৱাহাটী মহানগৰ

গুৱাহাটী মহানগৰীৰ চৌদিশে এতিয়া ধূৱলি–কুঁৱলি পৰিৱেশ

ভয়ংকৰ প্ৰদূষণৰ কবলত গুৱাহাটী মহানগৰ (Guwahati Air Quality)। একপ্ৰকাৰ দিল্লীৰ দৰেই অৱস্থা হৈছে গুৱাহাটী মহানগৰীৰ। ভয়ংকৰভাৱে প্ৰদূষিত হৈ পৰিছে গুৱাহাটীৰ বায়ু (Guwahati Air Quality Index)। চৌদিশে কেৱল প্ৰদূষণ আৰু প্ৰদূষণ। উশাহ বন্ধ হৈ যোৱা ধৰণৰ এক পৰিৱেশে বিৰাজ কৰিছে।

 

 

গুৱাহাটী মহানগৰীৰ চৌদিশে এতিয়া ধূৱলি–কুঁৱলি পৰিৱেশ (Guwahati Air Pollution)। কুঁৱলিসদৃশ আচ্ছাদনে আৱৰিছে সমগ্ৰ মহানগৰীক। ধূলিময় হৈ পৰিছে ৰাজ্যৰ ৰাজধানী চহৰ।

 

 

প্ৰদূষণৰ বাবে এতিয়া মহানগৰবাসীয়ে বাহিৰলৈ ওলাই আহাটোৱেই বিপজ্জনক হৈ পৰিছে। বিপদসীমা অতিক্ৰম কৰিছে গুৱাহাটী মহানগৰীৰ এয়াৰ কোৱালিটী ইনডেক্সে। যাৰ ফলত এতিয়া গুৱাহাটীবাসী বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ আশংকাই দেখা দিছে।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − fourteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.