ভাৰত

কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি কোন হ’ব? গান্ধী পৰিয়ালৰ অস্বীকাৰৰ পাছতে চৰ্চা

ভাৰতীয় জাতীয় কংগ্ৰেছ বৰ্তমান ৰাজনৈতিক সংকটেৰে জৰ্জৰিত

ভাৰতীয় জাতীয় কংগ্ৰেছ বৰ্তমান ৰাজনৈতিক সংকটেৰে জৰ্জৰিত। দেশৰ প্ৰধান বিৰোধী দল হিচাপে থকা কংগ্ৰেছে লাহে লাহে সমগ্ৰ দেশতে হেৰুৱাই পেলাইছে নিজৰ অস্তিত্ব। এসময়ত সমগ্ৰ দেশৰ ৰাজনীতিত অপ্ৰতিৰোধ্য কংগ্ৰেছে এতিয়া মাত্ৰ দুখন ৰাজ্যতহে নিজাকৈ চৰকাৰ গঠন কৰি থকাৰ বিপৰীতে আন দুখন ৰাজ্যত মিত্ৰজোঁটৰ চৰকাৰৰ অংশ হৈ আছে। দলটোৰ এনে হতাশাজনক স্থিতিৰ বাবে সমালোচিত হৈ আহিছে শীৰ্ষ নেতৃত্ব। শেহতীয়া এই ব্যৰ্থতাৰ বাবে বিশেষকৈ গান্ধী পৰিয়ালৰ পৰিয়ালকেন্দ্ৰিক নেতৃত্বৰ বিৰোধৰ সৃষ্টি হৈছে কংগ্ৰেছত।

দলৰ ধাৰাবাহিক ব্যৰ্থতাৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে ২০২০ চনৰ আগষ্ট মাহত দলটোৰ ২৩ গৰাকী জেষ্ঠ নেতাই সভাপতি ছোনিয়া গান্ধীলৈ লিখা এখন পত্ৰৰ জৰিয়তে সক্ৰিয় নেতৃত্ব আৰু সাংগঠনিক পৰিৱৰ্তনৰ আহ্বান জনায়। এই ২৩ গৰাকী সদস্যই দলৰ অন্তৱৰ্তীকালীন অধ্যক্ষ ছোনিয়া গান্ধীলৈ এখন পত্ৰ প্ৰেৰণ কৰি নেতৃত্বৰ বিৰুদ্ধে মুকলি বিষোদগাৰ প্ৰকাশ কৰাৰ পাছতে দলত জোকাৰণি তোলে।

এনে বিবাদৰ মাজতে ছিবালসহ কেইগৰাকীমান নেতাই কংগ্ৰেছ ত্যাগ কৰে। দলীয় সংকটৰ এনে চৰম পৰ্যায়ৰ মাজতে অহা ২০ ছেপ্টেম্বৰৰ ভিতৰত দেশৰ ৰাজনীতিৰ প্ৰধান বিৰোধী দলটোৰ নতুন সভাপতি নিৰ্বাচিত কৰা হ’ব। কংগ্ৰেছে ইতিপূৰ্বেই সভাপতি পদৰ বাবে ২১ আগষ্টৰ পৰা ২০ ছেপ্টেম্বৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছিল।

ইতিমধ্যে শীৰ্ষনেতা ৰাহুল গান্ধীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ অনীহা প্ৰকাশ কৰাৰ পিছত দলটোৰ ভিতৰচৰাত এতিয়া আন এক প্ৰত্যাহ্বানৰ উদ্ভৱ হৈছে। গান্ধী পৰিয়ালৰ নেতৃত্বৰ অৱসান ঘটাবলৈয়ে ৰাহুল গান্ধীয়ে পৰিয়ালৰ বাহিৰৰ এজন ব্যক্তিক সভাপতিৰ দায়িত্ব অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেয়েহে তেওঁ ভগ্নী প্ৰিয়ংকা গান্ধী ভদ্ৰাকো সভাপতি পদৰ বাবে মনোনয়ন দাখিলত বাধা দিছে বুলি জানিব পৰা গৈছে। একে সময়তে ছোনিয়া গান্ধীয়েও স্বাস্থ্যজনিত কাৰণত পুনৰ দলটোৰ সভাপতিৰ পদত অধিষ্ঠিত হ’ব নিবিচাৰে বুলিও কংগ্ৰেছৰ দলীয় সূত্ৰই প্ৰকাশ কৰিছে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.