ইতিহাসৰ পৃষ্ঠাত ১৫ জুন: আজিৰ দিনটো কিয় বিশেষ ? জানি লওক বিশ্বক আলোড়িত কৰা ঘটনাসমূহ
আজি সোমবাৰ, ২০২৬ চনৰ ১৫ জুন । ইতিহাসৰ পাতত স্মৰণীয় ঘটনাৰ বাবে জিলিকি ৰৈছে এই বিশেষ দিনটো। আজিৰ দিনটোৰ কেইটিমান বিশেষ ঘটনা, যিয়ে দৃষ্টি কাঢ়িছিল সমগ্ৰ বিশ্ববাসীৰ।

আজি সোমবাৰ, ২০২৬ চনৰ ১৫ জুন । ইতিহাসৰ পাতত স্মৰণীয় ঘটনাৰ বাবে জিলিকি ৰৈছে এই বিশেষ দিনটো। আজিৰ দিনটোৰ কেইটিমান বিশেষ ঘটনা, যিয়ে দৃষ্টি কাঢ়িছিল সমগ্ৰ বিশ্ববাসীৰ।
শ্বহীদ কুশল কোঁৱৰ স্মৃতি দিৱস
১৯৪৩ চনৰ আজিৰ দিনটোতে শ্বহীদ হৈছিল অগ্ৰণী স্বাধীনতা সংগ্ৰামী কুশল কোঁৱৰ। গোলাঘাট জিলাৰ সৰুপথাৰত সংঘটিত এক ৰেল দুৰ্ঘটনাত জড়িত থকাৰ অভিযোগত যোৰহাটৰ কেন্দ্ৰীয় কাৰাগাৰত ব্ৰিটিছে ফাঁচী দিছিল স্বাধীনতা সংগ্ৰামৰ বীৰ শ্বহীদ গৰাকীক। ১৯৪২ চনৰ ৯ অক্টোবৰত সংঘটিত উক্ত ৰেল দুৰ্ঘটনাত বহু সংখ্যক ব্ৰিটিছ আৰু আমেৰিকান সৈনিকৰ মৃত্যু হৈছিল।
বিশ্ব বতাহ দিৱস
ভৱিষ্যত প্ৰজন্মৰ বাবে পৃথিৱীখন সুন্দৰ, সেউজ আৰু বাসযোগ্য কৰি ৰাখিবলৈ জলবায়ু পৰিৱৰ্তন ৰোধ কৰাৰ লক্ষ্যৰে গ্ৰীণ হাউচ গেছৰ নিৰ্গমন হ্ৰাস কৰি স্বচ্ছ, নবীকৰণযোগ্য আৰু বহনক্ষম শক্তিৰ উৎস হিচাপে বায়ু শক্তিৰ সম্ভাৱনাক প্ৰসাৰিত কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে ১৫ জুনৰ দিনটো বিশ্ব বতাহ দিৱস হিচাপে পালন কৰা হয়। ২০২৬ চনৰ এই দিৱসৰ বিষয়:
বায়ু শক্তি, উচ্চাকাংক্ষাৰ পৰা ত্বৰণলৈ।
বিশ্ব প্ৰবীন নিৰ্যাতন সজাগতা দিৱস
বয়ষ্ক লোকৰ ওপৰত চলা নিৰ্যাতন ৰোধ কৰাৰ লগতে সমাজৰ অভিভাৱক স্বৰূপ জ্যেষ্ঠ নাগৰিক সকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ উদ্দেশ্যে বিশ্ব স্বাস্থ্য সংস্থাৰ উদ্যোগত প্ৰতিবছৰে ১৫ জুনত বিশ্ব প্ৰবীন নিৰ্যাতন সজাগতা দিৱস পালন কৰা হয়। ২০২৬ চনৰ এই দিৱসৰ বিষয়: সজাগতা অতিক্ৰমি বয়ষ্ক নিৰ্যাতন প্ৰতিৰোধ কৰক।
উভতি চাওঁ ইতিহাসত আজিৰ দিনটো …
মানৱ দেহত প্ৰথম ৰক্ত সঞ্চৰণ
১৬৬৭ চনৰ ১৫ জুনত ফৰাছী চিকিৎসক জীন বেপটিষ্ট ডেনিছে ৰক্তহীনতাত ভোগা এটি ১৫ বছৰীয়া কিশোৰৰ দেহত ভেৰাৰ তেজ সঞ্চৰণ কৰিছিল। এয়াই মানৱ দেহত ৰক্ত সঞ্চৰণৰ প্ৰথম আনুষ্ঠানিক প্ৰয়োগ।
বজ্ৰপাত বৈদ্যুতিক শক্তিৰ ৰূপ
১৭৫২ চনৰ ১৫ জুনত বেঞ্জামিন ফ্ৰেংকলিনে বিজুলী আৰু বজ্ৰপাতক বৈদ্যুতিক শক্তিৰ ৰূপ বুলি প্ৰমাণ কৰিছিল। ফ্ৰেংকলিনে ধুমুহাৰ মাজত ধাতু সংলগ্ন জৰীৰে চিলা উৰুওৱাই ইয়াত বিজুলীৰ সংস্পৰ্শত স্ফুলিংগ উৎপন্ন হোৱা পৰ্যবেক্ষণ কৰে। এই যুগান্তকাৰী পৰীক্ষাই বিজুলী আৰু বিদ্যুতৰ মাজৰ সংযোগ প্ৰতিপন্ন কৰে।
ৰবৰৰ ভলকেনাইজেচনৰ পেটেণ্ট
১৮৪৪ চনৰ ১৫ জুনত আমেৰিকান উদ্ভাৱক চাৰ্লছ গুডইয়াৰে ৰবৰৰ গুণাগুণ উন্নত কৰাৰ ভলকেনাইজেচন প্ৰক্ৰিয়াৰ বাবে পেটেণ্ট লাভ কৰে। চালফাৰ বা অনুৰূপ সামগ্ৰী প্ৰয়োগ কৰি এই প্ৰক্ৰিয়াৰে ৰবৰক অধিক মজবুত আৰু তাপ প্ৰতিৰোধী কৰি তোলা হয়।
আমেৰিকা-কানাডাৰ মাজৰ সীমা নিৰ্ধাৰণ
১৮৪৬ চনৰ ১৫ জুনত আমেৰিকা আৰু ব্ৰিটেইনৰ মাজত স্বাক্ষৰিত অৰেগন চুক্তিয়ে দেশ দুখনৰ দীৰ্ঘদিনীয়া সীমা বিবাদৰ অন্ত পেলায়। ৪৯ ডিগ্ৰী উত্তৰ অক্ষাংশত আমেৰিকা আৰু ব্ৰিটিছ ভূখণ্ডৰ মাজত বৰ্তমানৰ আমেৰিকা-কানাডাৰ মাজৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল।
হিন্দু কলেজৰ নাম হ’ল প্ৰেছিডেন্সী কলেজ
১৮৫৫ চনৰ ১৫ জুনত কলকাতাৰ ঐতিহাসিক হিন্দু কলেজৰ নাম সলাই প্ৰেছিডেন্সী কলেজ কৰা হয়। ইয়াৰ ফলত মূলতঃ হিন্দু ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰতিষ্ঠা কৰা উচ্চ শিক্ষানুষ্ঠানখন সকলো সম্প্ৰদায়ৰ বাবে মুকলি চৰকাৰী প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত হয়।
চলন্ত দৃশ্যৰ প্ৰথম চিত্ৰগ্ৰহণ
১৮৭৮ চনৰ ১৫ জুনত ইংৰাজ-আমেৰিকান ফটোগ্ৰাফাৰ এডৱাৰ্ড মুইব্ৰিজে চলন্ত দৃশ্যৰ প্ৰথম চিত্ৰগ্ৰহণ কৰে।সৰ্বমুঠ ১২ টা কেমেৰা ব্যৱহাৰ কৰি বিশেষ প্ৰক্ৰিয়াৰে সম্পাদন কৰা হৈছিল এক ঘোঁৰা দৌৰৰ দৃশ্য ।
ব্ৰিটিছৰ দেশ বিভাজন প্ৰস্তাৱত কংগ্ৰেছৰ সন্মতি
১৯৪৭ চনৰ ১৫ জুনত সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীয়ে ব্ৰিটিছৰ দেশ বিভাজনৰ প্ৰস্তাৱত সন্মতি প্ৰদান কৰে। মাউণ্টবেটেন পৰিকল্পনা নামেৰে জনাজাত এই প্ৰস্তাৱ অনুসৰি অখণ্ড ভাৰতৰ বিভাজন ঘটাই ভাৰত আৰু পাকিস্তান নামৰ দুখন সুকীয়া স্বাধীন দেশ গঠন কৰা হয়।
ইউৰোপিয়ান ফুটবল এছ’চিয়েশ্যনৰ প্ৰতিষ্ঠা
১৯৫৪ চনৰ ১৫ জুনত চুইজাৰলেণ্ডৰ বেচেলত ইউনিয়ন অৱ ইউৰোপিয়ান ফুটবল এছ’চিয়েশ্যন (UFA) প্ৰতিষ্ঠা কৰা হৈছিল। ইটালী, ফ্ৰান্স আৰু বেলজিয়ামৰ প্ৰাৰম্ভিক আলোচনা মৰ্মে অনুষ্ঠিত প্ৰতিষ্ঠা সভাত ২৫ খন দেশৰ প্ৰতিনিধি উপস্থিত আছিল।
মাউণ্ট পিনাটুবো আগ্নেয়গিৰিৰ উদগীৰণ
১৯৯১ চনৰ ১৫ জুনত কুৰি শতিকাৰ দ্বিতীয় বৃহত্তম আগ্নেয়গিৰি হিচাপে গণ্য কৰা ফিলিপাইনছৰ মাউণ্ট পিনাটুবো আগ্নেয়গিৰিৰ উদগিৰণ ঘটিছিল। প্ৰায় ৮০০ লোকৰ মৃত্যু হোৱা এই দুৰ্যোগত বায়ুমণ্ডলৰ ২৮ মাইল পৰ্যন্ত ছাইৰ ডাৱৰৰ সৃষ্টি হয়। ছাই আৰু পিউমিছে আবৃত কৰে এক বৃহৎ অঞ্চল।
জন্ম আৰু মৃত্যু:
ৰূপনাথ ব্ৰহ্মৰ জন্মদিন
১৯০২ চনৰ ১৫ জুনত কোকৰাঝাৰ জিলাৰ ঔৱাবাৰী গাঁৱত জন্ম হৈছিল জনজাতীয় লোক সকলৰ উন্নয়নৰ বাবে ভীমবৰ দেঙৰীৰ সহযোগত ট্ৰাইবেল লীগ গঠন কৰাৰ উপৰি জনজাতীয় বেল্ট আৰু ব্লক গঠন আইন প্ৰণয়নত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা বড়ো জনগোষ্ঠীৰ ভবিষ্যদ্ৰষ্টা নেতাজনৰ।
লক্ষ্মীনন্দন বৰাৰ জন্মদিন
১৯৩২ চনৰ ১৫ জুনত নগাঁও জিলাৰ কুজিদাঁহত জন্ম হৈছিল গঙা চিলনীৰ পাখি, পাতাল ভৈৰৱী, কায়াকল্প আদি কালজয়ী সাহিত্যৰ স্ৰষ্টা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্য অকাডেমি, অসম উপত্যকা সাহিত্য বটাঁ, সৰস্বতী বটাঁ আৰু পদ্মশ্ৰীৰে সন্মানিত সাহিত্যিক, সাংবাদিক আৰু শিক্ষাবিদ গৰাকীৰ।
আন্না হাজাৰেৰ জন্মদিন
১৯৩৭ চনৰ ১৫ জুনত মহাৰাষ্ট্ৰৰ ভিংগাৰত জন্ম হৈছিল দুৰ্নীতিৰ বিৰুদ্ধ চৰকাৰী যন্ত্ৰৰ স্বচ্ছতা আৰু জবাবদিহিতাৰ বাবে জন লোকপাল আইন প্ৰণয়নৰ দাবীত দীৰ্ঘ আন্দোলন কৰা প্ৰসিদ্ধ সমাজকৰ্মী গৰাকীৰ।
প্ৰকৃত নাম কিষাণ বাবুৰাও হাজাৰে।
Information Desk / প্ৰথম খবৰ