Viral

৬.০ ৰিখটাৰ স্কেলৰ প্ৰবল ভূমিকম্প

ভূমিকম্পত ২০ জন লোকৰ মৃত্যু

দেওবাৰে নিশা ভূমিকম্পই জোকাৰি যায় আফগানিস্তান ।আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্যৰ ভিত্তিত ৬.০ ৰিখটাৰ স্কেলৰ প্ৰবল ভূমিকম্পৰ সৃষ্টি হয়।ইউ এছ জি এছৰ তথ্য অনুসৰি ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল নংগাৰহৰ প্ৰদেশৰ জালালাবাদৰ ৮ কিলোমিটাৰ গভীৰতাত।

এই ভূমিকম্পত পূব প্ৰদেশ নংগাৰহৰত ২০ জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত অৰ্ধ শতাধিক হৈছে বুলি জানিব পৰা গৈছে।নিশাৰ ভাগত হোৱা এই ভূমিকম্প ইমানেই প্ৰৱল আছিল যে ভাৰতৰ বহু ঠাইত বিশেষকৈ দিল্লী-এনচিআৰত ইয়াৰ কম্পন অনুভৱ কৰা হৈছিল ।

কেৱল ইমানেই নহয় পাকিস্তানতো এই ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয়।ইয়াৰ লগতে ধংসস্তুপৰ পৰা উদ্ধাৰ অভিযা অব্যাহত আছে বুলিও জানিব পৰা গৈছে লগতে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনাও আছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 − three =

Back to top button