অসমআঞ্চলিকৰাজনৈতিক

‘১ লাখ চাকৰি ক’ত’?-বিধানসভাৰ বাহিৰত মুখ্যমন্ত্ৰীক হুংকাৰ অখিল গগৈৰ

আজি ১ লাখ নিবনুৱাৰ সংস্থাপনক লৈ প্ৰশ্ন উত্থাপন কৰি বিধানসভাৰ বাহিৰত প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰে অখিল গগৈয়ে। বিধায়কগৰাকীৰ টি–ছাৰ্টত চৰকাৰৰ প্ৰতি প্ৰশ্ন – ‘‘১ লাখ চাকৰি ক’ত? কেতিয়া?’’

নিয়োগ মেলাক লৈ বিধানসভাৰ বাহিৰত অখিল গগৈৰ প্ৰতীকী প্ৰতিবাদ। আজিও বিশেষ টি–ছাৰ্ট পিন্ধি শিৱসাগৰৰ বিধায়কগৰাকীয়ে সাব্যস্ত কৰে প্ৰতিবাদ।

অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ অন্তিম দিনটোত সদনৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰি অখিল গগৈয়ে কয়, ‘নিয়োগ মেলা পাতি চৰকাৰে নিবনুৱাসকলৰ লগত খেলা কৰিলে, সেয়েহে চৰকাৰৰ এই ল’ৰা ধেমালিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছো। মুখ্যমন্ত্ৰীয়ে ১ লাখ নিযুক্তিৰ ক্ষেত্ৰত এতিয়া অজুহাত উলিয়াইছে। কালি বিধান সভাত মুখ্যমন্ত্ৰীয়ে অজুহাত দেখুৱাইছে। চৰকাৰী বিভাগে কৈছে বিভাগ সমূহত পদ খালী আছে। কিন্তু বিত্তমন্ত্ৰীয়ে কৈছে নতুন পদ হ’লে দৰমহা দিব নোৱাৰিম।’

আনহাতে, মুখ্যমন্ত্ৰীয়ে নিবনুৱাক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবৰ বাবে আহ্বান জনায় বিধায়কগৰাকীয়ে। অন্যথা মুখ্যমন্ত্ৰীক শান্তিত থাকিবলৈ দিয়া নহ’ব বুলিও হুংকাৰ অখিল গগৈৰ। চাকৰি ১ লাখ কেতিয়া আৰু ক’ত দিয়া হ’ব সেই কথা স্পষ্ট কৰি দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনালে অখিল গগৈয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.