অসমখাদ্যগুৱাহাটী

গুৱাহাটীত মিঠাই খোৱাৰ আগত সাৱধান হওক

মহানগৰীৰ কদৰ্যময় পৰিৱেশত মিঠাই প্ৰস্তুত কৰা ১৫ৰো অধিক মিঠাই কাৰখানা চিনাক্ত কৰিছে জিএমচিয়ে

গুৱাহাটীৰ আঠগাঁওত GMCৰ অভিযান।

দুটাকৈ মিঠাই প্ৰস্তুতকাৰী কাৰখানাত GMCএ চলাইছে এই অভিযান।

অভিযানত ছীল কৰা হৈছে গণেশ শ্বুইটছ নামৰ কাৰখানাটো।

কদৰ্যময় পৰিৱেশত দীৰ্ঘদিন ধৰি প্ৰস্তুত কৰি আহিছিল মিঠাই।

এই মিঠাই প্ৰস্তুত কৰা কাৰখানাৰ পৰাই বকো,ছয়গাওঁৰ লগতে বিভিন্ন স্থানলৈ প্ৰেৰণ কৰা হৈছিল মিঠাই।

এটা মাহৰ পূৰ্বে GMCয়ে গণেশ চুইটছ নামৰ কাৰখানাটোত সকিয়নি প্ৰদান কৰিছিল।

শৌচাগাৰৰ পানীৰে মিঠাই প্রস্তুত কৰাৰ অভিযোগ উত্থাপিত হৈছিল। ইয়াৰোপৰি বিচনাৰ তলত ৰাখিছিল মিঠাইসমুহ।

একে অভিযোগত সুৰজ যাদবৰ মিঠাই প্ৰস্তুত কৰা কাৰখানাটোৰ বিৰুদ্ধে। সতৰ্ক কৰি দিয়ে GMCয়ে।

এতিয়ালৈ মহানগৰীৰ কদৰ্যময় পৰিৱেশত মিঠাই প্ৰস্তুত কৰা ১৫ৰো অধিক মিঠাই কাৰখানা চিনাক্ত কৰিছে জিএমচিয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + ten =

Back to top button