বলিউডমনোৰঞ্জন

সফল হ’ল বিকি-কেটৰ প্ৰেম, ইনষ্টাগ্ৰামত ন কইনা, ন দৰাই শ্বেয়াৰ কৰিলে বিয়াৰ ফটো

বিকি আৰু কেটৰিনাই নিজেই বহু প্ৰতীক্ষিত ছবিখন সামাজিক মাধ্যম ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল।

অপেক্ষাৰ অন্ত পৰিল। বহু চৰ্চা, বহু আলোচনাৰ অন্তত প্ৰেম বিবাহ সম্পন্ন হ’ল কেটৰিনা কাইফ আৰু বিকি কৌশলৰ। আনুষ্ঠানিকভাৱে বিবাহপাশত আৱদ্ধ হ’ল  বিকি আৰু কেটৰিনা।

বিকি কৌশল আৰু কেটৰিনা কাঈফৰ বিয়াক লৈ সৰ্বত্ৰে চলিছিল চৰ্চা। ছ’চিয়েল মিডিয়াত যদিও দুয়োগৰাকীয়ে বিবাহৰ ক্ষেত্ৰত অনুৰাগীৰ সন্মুখত মুখ খোলা নাছিল, তথাপি অপেক্ষাৰ অন্ত পেলাই অনুৰাগীক দুয়োয়ে দিলে বৈবাহিক সম্পৰ্কৰ বতৰা।

সামাজিক মাধ্যমত বিকি-কেটৰিনাই শ্বেয়াৰ কৰিলে বিয়াৰ ফটো।

ফটো শ্বেয়াৰ কৰি বিকিয়ে পোষ্টটোত লিখিছে, “এক সুন্দৰ মুহূৰ্তত আমাক একত্ৰিত কৰাৰ বাবে সকলোৰে যথেষ্ট আশীৰ্বাদ আৰু মৰম আছে। আমি এটা নতুন যাত্ৰা আৰম্ভ কৰিলোঁ। গতিকে মই আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বিচাৰো।”

insta post

স্বামী বিকি কৌশলৰ দৰে একেখিনি কথাই কেটৰিনায়ো তেওঁৰ ইনষ্টাগ্ৰাম প্ৰফাইলত শ্বেয়াৰ কৰিছে।

ৰাজস্থানৰ ছিক্স ছেন্সেচ দুৰ্গত ৰাজকীয়ভাৱে বিয়া সম্পন্ন হ’ল বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী কেটৰিনা কাঈফ আৰু অভিনেতা বিকি কৌশলৰ। এই বিয়াখনত অতিথিৰূপে উপস্থিত আছিল মাত্ৰ ১২০ গৰাকী লোক।  কেটৰিনা আৰু বিকিৰ বিয়াৰ বাবে কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.