অপৰাধঅসম

তোলনীয়া পিতৃয়ে চাৰি বছৰে কন্যাৰ ওপৰত চলালে যৌন নিৰ্যাতন

কিশোৰীগৰাকীয়ে ৰঙিয়া আৰক্ষীৰ ওচৰত বিচাৰিছে ন্যায়

ৰঙিয়াত সংঘটিত হৈছে এক জঘন্য ঘটনা। Coal India Limitedৰ উচ্চ পদষ্ঠ বিষয়াই তোলনীয়া কন্যাক বহিঃৰাজ্যলৈ লৈ গৈ চাৰি বছৰ ধৰি চলালে যৌন উৎপীড়ন।

এই জঘন্য কাণ্ড সংঘটিত হৈছে উৰিষ্যাত। প্ৰায় চাৰি বছৰৰ পূৰ্বে পৰিয়ালৰ দুৰৱস্থাৰ বাবে সুবোধ চামাদ্দাৰে নিজৰ শুলখালীয়েকৰ কন্যাক আইনী ব্যৱস্থাৰে নিজ সন্তান হিচাপে তুলি লৈছিল। তাৰ পিছত সুবোধ চামাদ্দাৰে কিশোৰীগৰাকীক লগত লৈ নিজৰ পত্নীসহ উৰিষ্যালৈ উভতি যায়। উৰিষ্যাত দুয়ো স্বামী-স্ত্ৰীয়ে কিশোৰীগৰাকীৰ ওপৰত চলাই শাৰীৰিক তথা মানসিক নিৰ্যাতন। কিশোৰীগৰাকীয়ে ৰঙিয়া আৰক্ষীৰ ওচৰত দিয়া অভিযোগ অনুসৰি Coal India Limitedৰ উচ্চ পদষ্ঠ বিষয়া সুবোধ চামাদ্দাৰে প্ৰায়ে কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলাইছিল। এই বিষয়ে কিশোৰীগৰাকীয়ে মাহীয়েকক অৱগত কৰাত মাহীয়েকে কিশোৰীগৰাকীক মুখ বন্ধ ৰাখিবলৈ ভাবুকি প্ৰদান কৰে।

দুবছৰ পিছত অসমলৈ উভতি আহে পৰিয়ালটো। অসমত দুবছৰ অতিবাহিত হোৱাৰ পিছত যেতিয়া পুনৰাই উৰিষ্যালৈ উভতি যোৱাৰ কথা ঠিৰাং হয় তেতিয়া কিশোৰীগৰাকীয়ে তোলনীয়া পিতৃ-মাতৃৰ গৃহৰ পৰা পলায়ন কৰ। নিজ পিতৃ গৃহত উপস্থিত হয়। তাৰ পিছতে তোলনীয়া পিতৃৰ এই দুস্কাৰ্যৰ কথা পোহৰলৈ আহে।

এতিয়া কিশোৰীগৰাকীৰ লগতে আত্মীয়ই ৰঙিয়া আৰক্ষীৰ ওচৰত এই জঘন্য কাণ্ডৰ ন্যায় বিচাৰিছে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 3 =

Back to top button