অৰ্থনৈতিকঅসমদৈনিক বাতৰি

ভগৱানৰ দূত বলিউডৰ অভিনেতা চনু সুদৰ ঘৰত আয়কৰ বিভাগে কিয় চলালে তালাচী?

২০২০ চনৰ ক'ভিড মহামাৰীৰ প্ৰথম ঢৌৰ সময়ত দেশৰ বিভিন্ন ঠাইত কাম কৰা লোকসকলৰ বাবে বাছৰ ব্যৱস্থাও কৰি দিছিল অভিনেতাগৰাকীয়ে

সকলোৰে মাজত নিজৰ কৰ্মৰে জিলিকি থকা বলিউডৰ অভিনেতা চনু সুদৰ বাসগৃহত তালাচী চলালে আয়কৰ বিভাগে। বুধবাৰে অভিনেতাগৰাকীৰ লগত সম্পৰ্কিত মুম্বাই আৰু লক্ষ্ণৌৰ ছয় স্থানত তালাচী চলায় আয়কৰ বিভাগৰ লোকে।

মহামাৰীৰ সময়ত দেশৰ বহুলোকৰ কাষত ভগৱানৰ দূত হিচাপে থিয় দিয়া চনু সুদক শেহতীয়াকৈ দিল্লী চৰকাৰৰ মেনটৰশ্বিপ অনুষ্ঠানৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে স্বীকৃতি দিয়া হৈছিল।

২০২০ চনৰ ক’ভিড মহামাৰীৰ প্ৰথম ঢৌৰ সময়ত দেশৰ বিভিন্ন ঠাইত কাম কৰা লোকসকলৰ বাবে বাছৰ ব্যৱস্থাও কৰি দিছিল অভিনেতাগৰাকীয়ে। ক’ভিডৰ দ্বিতীয় ঢৌৰ সময়ত ৰোগীৰ বাবে অক্সিজেনৰো যোগান ধৰিছিল অভিনেতা চনু সুদে। ৪৮ বছৰীয়া অভিনেতাগৰাকীক ৰিয়েল লাইফ হিৰো হিচাপে স্বীকৃতি দি ইউনাইটেড নেশ্যনেল ডেভেলপমেন্ট প্ৰগেমে সন্মানিত কৰিছিল।

তথ্য অনুসৰি, বৰ্তমান ৰিয়েল ইষ্টেট চুক্তি বিভাগৰ স্কেনাৰৰ অধীনত আছে বলিউডৰ অভিনেতা চনু সুদ। আয়কৰ বিভাগে অভিনেতাগৰাকীৰ বাসগৃহত কিয় তালাচী চলাইছে, সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও কৰ সম্পৰ্কীয় বিষয় বুলি সন্দেহ কৰা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.