অপৰাধভাৰত

প্ৰধানমন্ত্ৰী মোদীক হত্যাৰ বাবে সাজু সন্ত্ৰাসবাদী, দেশৰ ভিন্ন প্ৰান্তত লগোৱা হৈছে শ্লীপাৰ চেল…

এই হত্যাকাণ্ডই সমগ্ৰ দেশতে এক ডাঙৰ ট্ৰেজেদীৰ সৃষ্টি কৰিব। ইতিমধ্যে প্ৰধানমন্ত্ৰীক হত্যাৰ বাবে পৰিকল্পনা সম্পন্ন হৈছে, মাথো এই পৰিকল্পনা কাৰ্যকৰী হোৱাৰ বাবে অপেক্ষা কৰি আছে সন্ত্ৰাসবাদী।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ চেষ্টা। প্ৰধানমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া এটা ই-মেইলে বিচলিত কৰি তুলিছে দেশৰ নিৰাপত্তা সংস্থাসমূহক। NIAলৈ অহা এটা ই-মেইলে খলকনি তুলিছে সমগ্ৰ ৰাষ্ট্ৰত।

 

ই-মেইলৰ তথ্য অনুসৰি প্ৰধানমন্ত্ৰীক হত্যা কৰাৰ বাবে ইতিমধ্যে সকলো কাম সম্পূৰ্ণ হৈছে। এই কামটোৰ বাবে দেশৰ ভিন্ন স্থানত কমেও ২০টা শ্লীপাৰ চেল সক্ৰিয় কৰা হৈছে। এই শ্লীপাৰ চেলবোৰত আছে ২০ কেজি RDX। ২৮ ফেব্ৰুৱাৰীৰ দিনাই দেশৰ ভিন্ন স্থানত এই শ্লীপাৰ চেলবোৰ সক্ৰিয় কৰা হৈছে। এই হত্যাকাণ্ডই সমগ্ৰ দেশতে এক ডাঙৰ ট্ৰেজেদীৰ সৃষ্টি কৰিব। ইতিমধ্যে প্ৰধানমন্ত্ৰীক হত্যাৰ বাবে পৰিকল্পনা সম্পন্ন হৈছে, মাথো এই পৰিকল্পনা কাৰ্যকৰী হোৱাৰ বাবে অপেক্ষা কৰি আছে সন্ত্ৰাসবাদী।

 

আনহাতে, এই ই-মেইলটো লাভ কৰা NIAৰ মুম্বাই শাখাই কয় যে, ইতিমধ্য়ে ই-মেইলটো আন বিভিন্ন সংস্থাৰ সৈতে ভাগ বতৰা কৰা হৈছে। চাইবাৰ সুৰক্ষা সংস্থাটোৱে ই-মেইলৰ আইপি ঠিকনাটো চিনাক্ত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। অৱশ্যে, প্ৰধানমন্ত্ৰীলৈ ভাবুকি অহা এয়া প্ৰথমটো ইমেইল নহয়, ইয়াৰ পূৰ্বেও ২০১৮ চনত হত্যাৰ ভাবুকি আহিছিল প্ৰধানমন্ত্ৰী মোদীলৈ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve + 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.