মনোৰঞ্জনশিল্পী

কাৰ পদূলিত কন্যা ভিক্ষা মাগিলে আচুৰ্য্যই!

জীৱনৰ আন এক অধ্যায়ত খোজ পেলালে কণ্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰই

ৰামচন্দ্ৰ ৰূপত আচুৰ্য্য আহিছে শহুৰৰ পদূলিত কইনা মীনাক্ষীক ভিক্ষা মাগিবলৈ।

 

কণ্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰ আৰু মীনাক্ষী বৰঠাকুৰৰ ১২বছৰীয়া প্ৰেমে লাভ কৰিলে স্থায়ী ঠিকনা। আজি জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰই খোজ পেলালে জীৱনৰ আন এক অধ্যায়ত। জীৱনৰ এই নতুন ইনিংছত আচুৰ্য্যৰ সৈতে ভৰি দিলে মীনাক্ষী বৰঠাকুৰে। যোৰহাটৰ এটা বিবাহ ভৱনত দুয়োৱে দুয়োকে আঙুঠি পিন্ধাই গোটেই জীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতি দিলে। আচুৰ্য্য হ’বলগীয়া কইনা মীনাক্ষী বৰঠাকুৰ দেৰগাঁৱৰ জীয়ৰী। কণ্ঠশিল্পীজনৰ এই সুখবৰত অনুৰাগীসকল হৈ পৰিছে উল্লাসিত। সামাজিক মাধ্যমত দুয়োৰে এই শুভক্ষণৰ ফটো, ভিডিঅ’ শ্বেয়াৰ কৰি অনুৰাগীসকলে জনালে শুভকামনা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.