Educationঅপৰাধঅসমখাদ্য

৪,৫ দিন পুৰণি খাদ্য ফ্ৰিজত থৈ খুউৱা হয় নৱোদয় বিদ্যালয় শিক্ষাৰ্থীক? ভোজনালয়ত হুলুস্থুল পৰিৱেশ!

আৱাসিক বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী সকলক ৪/৫ দিনৰ পুৰণি খাদ্য ফ্ৰিজত থৈ খুউৱাৰ অভিযোগ উত্থাপিত হৈছে

চিৰাংৰ বাসুগাঁও চহৰৰ সমীপৰ ৰঞ্চাইধাম স্থিত জৱাহৰ নৱোদয় বিদ্যালয়ৰ ভোজনালয়ত হুলুস্থুল পৰিৱেশ।
বিদ্যালয় কতৃপক্ষই আৱাসিক বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সকলৰ স্বাস্থ্য তথা জীৱনক লৈ হেতালি খেলাৰ অভিযোগ উত্থাপিত হৈছে।

আৱাসিক বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী সকলক ৪/৫ দিনৰ পুৰণি খাদ্য ফ্ৰিজত থৈ খুউৱাৰ অভিযোগ উত্থাপিত হৈছে। তাকে লৈ এটা ভিডিঅ’ও ইতিমধ্যে ভাইৰেল হৈছে।

চৰকাৰী আৱাসিক বিদ্যালয়খনৰ কতৃপক্ষই ছাত্ৰ ছাত্ৰী সকলক নিম্ন মানদণ্ডৰ খাদ্য পৰিৱেশন কৰাৰ অভিযোগ উত্থাপন কৰি ছাত্ৰ ছাত্ৰীসকলে শিক্ষক সকলৰ সন্মুখতে ৰান্ধনীশালৰ ভিতৰত উত্তপ্ত পৰিৱেশ সৃষ্টি কৰে।
ভিডিঅ’টোত ৩/৪ দিন আগৰ খাদ্য ফ্ৰীজত ৰাখি পুনৰ গৰম কৰি ছাত্ৰ ছাত্ৰী সকলক খাবলৈ দিয়া হয় বুলি ছাত্ৰ সকলে অভিযোগ উত্থাপন কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.