AssamCity newsCMO Assamnorth eastpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

ম’হ, বুলবুলি চৰাই যুঁজৰ বাবে SOP জাৰি প্ৰশাসনৰ, নিষেধাজ্ঞা উলংঘা কৰিলে ৫ বছৰলৈ বন্ধ কৰি দিয়া হ’ব অনুমতি……

ম’হ, বুলবুলি চৰাই যুঁজৰ বাবে SOP জাৰি প্ৰশাসনৰ

কেৱল ঐতিহাসিক স্থানতহে অনুষ্ঠিত কৰিব পাৰিব ম’হ যুঁজ

২৫ বছৰ ধৰি অনুষ্ঠিত কৰা স্থানতহে দিয়া হ’ব অনুমতি

পুৱা ৭ বজাৰ পৰা ৪ বজাৰ ভিতৰত যুঁজৰ অনুমতি

ম’হ উত্তেজিত কৰা সামগ্ৰী ব্যৱহাৰত নিষেধাজ্ঞা

১৫-২০ জানুৱাৰীৰ ভিতৰত অনুষ্ঠিত কৰিব লাগিব ম’হ যুঁজ

নিৰ্দিষ্ট দিনৰ বাদে অন্য দিনত পাতিব নোৱাৰিব ম’হ যুঁজ

যুঁজ অনুষ্ঠিত কৰাৰ সময়ত থাকিব লাগিব পশু চিকিৎসকৰ দল

প্ৰয়োজনত চিকিৎসা প্ৰদান কৰিব লাগিব ম’হক

নিৰাপদভাৱে ৰাখিব লাগিব বুলবুলি চৰাইক

বুলবুলি চৰাইৰ বাবে পানী আৰু খাদ্যৰ ব্যৱস্থা কৰিব লাগিব

বেৰিকেড দি নিৰাপদ স্থানত আয়োজন কৰিব লাগিব যুঁজ

প্ৰয়োজনতকৈ অধিক লোকক যুঁজস্থলীত প্ৰৱেশত নিষেধাজ্ঞা

বুলবুলি চৰাইৰ গৰাকীৰ বাবে থাকিব লাগিব নিৰ্দিষ্ট আসন

দৰ্শকৰ বাবেও যথোপযুক্ত আসনৰ ব্যৱস্থা কৰিব লাগিব আয়োজকে

যুঁজৰ পিছতে মুকলি কৰি দিব লাগিব বুলবুলি চৰাই

নিষেধাজ্ঞা উলংঘা কৰিলে ৫ বছৰলৈ বন্ধ কৰি দিয়া হ’ব অনুমতি

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 + three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.