অসমস্বাস্থ্য

কয়দীৰ দেহত HIV, এইবাৰ কাৰাগাৰত বাঢ়িছে HIVত আক্ৰান্তৰ সংখ্যা…

কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত HIVত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত চিন্তিত হৈ পৰিছে শিলচৰ কাৰাগাৰ কৰ্তৃপক্ষ।

ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে HIVৰ সংক্রমণ। ৰাজ্যৰ ভিন্ন ঠাইত দ্ৰুত হাৰত বৃদ্ধি HIVত আক্ৰান্তৰ সংখ্যা। এইবাৰ কাৰাগাৰতো বৃদ্ধি পাইছে HIVৰ সংক্ৰমণ।

এই ঘটনা সংঘটিত হৈছে কৰিমগঞ্জত। কৰিমগঞ্জৰ কাৰাগাৰত কয়দীৰ দেহত পোৱা গৈছে HIV ভাইৰাছ। কাৰাগাৰৰ ৫ জন কয়দীৰ দেহত পোৱা গৈছে এই ভাইৰাছ।

কাৰাগাৰৰ ভিতৰত HIVত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত চিন্তিত হৈ পৰিছে কাৰাগাৰ কৰ্তৃপক্ষ। ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত আতংকিত হৈ পৰিছে জে’লৰ আন কয়দীসকলো। কেৱল কাৰগাৰতেই নহয়, এই খবৰ বিয়পি পৰাৰ লগে লগে শংকিত হৈ পৰিছে শিলচৰৰ জনতা।

অৱশ্যে, কাৰাগাৰৰ ভিতৰত কয়দীৰ দেহলৈ কেনেকৈ এইডছৰ ভাইৰাছ সংক্ৰমিত হ’ল, সেয়া এতিয়াও পোহৰলৈ অহা নাই যদিও অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 − 8 =

Back to top button