আঞ্চলিকখাদ্যজীৱনশৈলী

অলিম্পিক পদক বিজয়ী তাৰকা বক্সাৰ মেৰী কমে কিয় নকৰে আগন্তুক বক্সিঙত অংশগ্ৰহণ?

মেৰী কমে আগন্তুক ইষ্টানবুলৰ ইন্টাৰনেচনেল বক্সিং এছোচিয়েচনৰ এলিট বিশ্ব বক্সিং আৰু চীনৰ এছিয়ান গেমছত অংশগ্ৰহণ নকৰে।

মেৰী কমে আগন্তুক ইষ্টানবুলৰ ইন্টাৰনেচনেল বক্সিং এছোচিয়েচনৰ এলিট বিশ্ব বক্সিং আৰু চীনৰ এছিয়ান গেমছত অংশগ্ৰহণ নকৰে।

তুৰস্কৰ মহিলা বিশ্ব বক্সিং আৰু চীনৰ হাংজাওৰ এছিয়ান গেমছৰ পৰিৱৰ্তে অলিম্পিকৰ পদক বিজয়ী তাৰকা বক্সাৰ মেৰী কমে মুলত প্ৰস্তুতি চলাই আছে চলিত বৰ্ষতে বাৰ্মিংহামত অনুষ্ঠিত হ’ব লগীয়া সন্মানীয় কমনৱেলথ গেমছৰ বাবে।

উল্লেখ্য যে, সম্প্ৰতি ভাৰতবৰ্ষৰ ৰাজধানী চহৰ নতুন দিল্লীত চলি থকা বিশ্ব বক্সিঙৰ যোগ্যতা নিৰ্ণয়কাৰী খেলতো অংশ লোৱা নাই মেগনিফিচেন্ট মেৰী কমে।

ছয়বাৰৰ বিশ্ব চেম্পিয়ন এম চি মেৰী কমে এইক্ষেত্ৰত কয়- “মই উদিয়মান খেলুৱৈসকলৰ বাট মুকলি কৰি দিয়াৰ বাবেই বিশ্ব বক্সিং আৰু এছিয়ান গেমছত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছোঁ।”

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.