অৰুণাচল প্ৰদেশঅসম

অস্বাভাৱিকভাৱে হ্ৰাস পাইছে মহাবাহুৰ জলস্তৰ! ষড়ষন্ত্ৰ নেকি ৰঙা চীনৰ?

নদীৰ বক্ষ অস্বাভাৱিকভাৱে বাম হৈ পৰাত চিন্তিত হৈছে চিয়াং নদীৰ পাৰৰ পাহাৰীয়া ৰাণী ৰূপে খ্যাত চহৰ পাছিঘাটৰ জনসাধাৰণ।চিয়াংনদীৰ বিস্তীৰ্ণ অঞ্চলজুৰি শিল-বালি চাপৰিত পৰিণত হৈ মৰুভূমি সদৃশ পৰিবেশে বিৰাজ কৰিছে।

পাচিঘাটত মহাবাহু ব্ৰহ্মপুত্ৰৰ মূল উৎস চিয়াং নদীৰ জলস্তৰ অস্বাভাৱিকভাৱে হ্ৰাস পাইছে। নদীৰ বক্ষ অস্বাভাৱিকভাৱে বাম হৈ পৰাত চিন্তিত হৈছে চিয়াং নদীৰ পাৰৰ পাহাৰীয়া ৰাণী ৰূপে খ্যাত চহৰ পাছিঘাটৰ জনসাধাৰণ। চিয়াংনদীৰ বিস্তীৰ্ণ অঞ্চলজুৰি শিল-বালি চাপৰিত পৰিণত হৈ মৰুভূমি সদৃশ পৰিবেশে বিৰাজ কৰিছে।

চাৰিওফালে কেৱল মাত্ৰ বালি আৰু বালি। খৰস্ৰোতা চিয়াং নদীৰ ভয়াৱহ দৃশ্যই সংকট কঢ়িয়াই আনিছে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুক। সচেতন মহলে সন্দেহ কৰিছে চীন দেশত চিয়াং নদীৰ উৎস চংপু নদীত ৰঙা চীনে নদী বান্দ নিৰ্মাণ কৰাৰ বাবে চিয়াং নদী এনেদৰে অস্বাভাৱিকভাৱে শুকাই গৈছে।

চিয়াং নদীৰ জলস্তৰ তললৈ নামি যোৱাত পাচিঘাট চহৰৰ গছ বন এনেদৰে শুকাই যোৱা পৰিলক্ষিত হৈছে I নদীৰ জলস্তৰ শুকাই যোৱাত চহৰৰ মাজমজিয়াৰ কুঁৱা, নাদ আদি শুকাই পাচিঘাটত খোৱাপানীৰ অভাবেও দেখা দিছেI

ৰঙা চীনে কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে ভাৰত চৰকাৰক তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে সচেতন মহলেI

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.