খেলভাৰত

ডুবাইৰ খেলপথাৰত নামিব ভাৰত-পাকিস্তান, টি-২০ বিশ্বকাপক লৈ উৎকণ্ঠিত ক্ৰীড়ানুৰাগী…

হাইভল্টেজ মেচখন সন্ধিয়া ৭.৩০ বজাত ডুবাইত অনুষ্ঠিত হ’ব। টি-২০ বিশ্বকাপ জয়ৰ বাবে আত্মবিশ্বাসী ভাৰতীয় দল। আবু ধাবিত হ'বলগীয়া ৰোমাঞ্চকৰ খেলখনৰ বাবে আশাবাদী দেশবাসী।

সুদীৰ্ঘ পাঁচ বছৰৰ অন্তত চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ বিৰুদ্ধে খেলপথাৰত নামিব ভাৰতবৰ্ষ।

টি-২০ বিশ্বকাপ খেলক লৈ উৎকণ্ঠিত ক্ৰীড়ানুৰাগী। দেওবাৰে, ২২ গজৰ যুঁজত নামিব ভাৰত-পাকিস্তান। সুদীৰ্ঘ ৫ বছৰৰ মূৰত ডুবাইত অনুষ্ঠিত হ’বলগীয়া ভাৰত-পাকিস্তানৰ খেলখনক লৈ উৎকণ্ঠাৰে বাট চাইছে ক্ৰিকেট অনুৰাগীয়ে।

হাইভল্টেজ মেচখন সন্ধিয়া ৭.৩০ বজাত ডুবাইত অনুষ্ঠিত হ’ব। টি-২০ বিশ্বকাপ জয়ৰ বাবে আত্মবিশ্বাসী ভাৰতীয় দল। আবু ধাবিত হ’বলগীয়া ৰোমাঞ্চকৰ খেলখনৰ বাবে আশাবাদী দেশবাসী।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে পাকিস্তানৰ বিৰুদ্ধে ভাৰতে এদিনীয়া ক্ৰিকেট আৰু টি-২০ বিশ্বকাপ খেলত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ভাৰত-পাকিস্তানে এতিয়ালৈকে এদিনীয়া বিশ্বকাপত সাতবাৰ আৰু টি-২০ বিশ্বকাপত পাঁচবাৰকৈ খেলিছে।

ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া খেলখনত ভাৰতীয় দলৰ কেপ্টেইন বিৰাট কোহলী আৰু টুৰ্ণামেন্টত পাকিস্তান দলৰ কেপ্টেইন হ’ল বাবৰ আজাম।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 + 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.