জম্মু-কাশ্মীৰৰাষ্ট্ৰীয় সুৰক্ষা

ভাৰতীয় সেনাৰ বৃহৎ সফলতাঃ জ্ম্মু-কাশ্মীৰত ভাৰতীয় সেনাৰ গুলীত নিহত পাকিস্তানী সন্ত্ৰাসবাদী…

শ্ৰীনগৰৰ ৰাজৌৰিকদল অঞ্চলত এটা গোপন শিবিৰ পাতিবলৈ নিৰ্দেশ দিছিল LeTৰ Commander ৰিয়াজ সথৰগুণ্ডে

ভাৰতীয় সুৰক্ষা বাহিনীৰ বৃহৎ সফলতা। জম্মু-কাশ্মীৰৰ উৰীত সুৰক্ষা বাহিনীয়ে হত্যা কৰিলে এটা পাকিস্তানী সন্ত্ৰাসবাদীক।

মঙলবাৰে ভাৰতীয় সৈন্যই গুলীয়াই হত্যা কৰে এটা সন্ত্ৰাসবাদীক। অৱশ্যে, আন এটা সন্ত্ৰাসবাদীয়ে আত্মসমৰ্পণ কৰে ভাৰতীয় সৈন্যৰ ওচৰত। এই অভিযানৰ পিছতেই পোহৰলৈ আহিছে ভয়ংকৰ তথ্য।

শ্ৰীনগৰৰ ৰাজৌৰিকদল অঞ্চলত এটা গোপন শিবিৰ পাতিবলৈ নিৰ্দেশ দিছিল LeTৰ Commander ৰিয়াজ সথৰগুণ্ডে। সেইমৰ্মে, শিবিৰ পাতি ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা কৰিছিল সন্ত্ৰাসবাদীয়ে। যদিও সেনাই সেই অঞ্চলত অনুসন্ধান চলায়, তথাপি কোনো লোককে কৰায়ত্ত কৰিবলৈ সক্ষম নহয় সেনাবাহিনী। অৱশ্যে, উক্ত বাসগৃহটোৰ গৰাকীক সোধা-পোছা কৰিবলৈ আৰক্ষী থানালৈ লৈ অহা হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.