AssamCity newsCMO AssamnationalPMo indiapoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

অসমত নিৰ্বাচনী ৰণডংকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ…..

অসমত নিৰ্বাচনী ৰণডংকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আজি সন্ধিয়া প্ৰায় ৭.১০ বজাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে প্ৰধানমন্ত্ৰীৰ বিশেষ বিমান। বিমানবন্দৰত প্ৰধানমন্ত্ৰীক আদৰণি জনায় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। উপস্থিত থাকে অগপৰ সভাপতি অতুল বৰা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা। ইয়াৰ পিছতে বৰঝাৰৰ পৰা প্ৰধানমন্ত্ৰীৰ কনভয় ৰাওনা হয় কইনাধৰাৰ ১নং চৰকাৰী অতিথিশালা অভিমুখে। ৰাস্তাৰ দুয়োকাষে সমৱেত হয় শ শ বিজেপি কৰ্মকৰ্তাৰ লগতে সাধাৰণ জনতাও। সকলোৱে হাত জোকৰি স্বাগতম জনায় প্ৰধানমন্ত্ৰীগৰাকীক। ইয়াৰ পিছতে জি এছ ৰোডৰ ABC পইণ্টৰ পৰা আৰম্ভ হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল ৰোড শ্ব’। এই ৰোড শ্ব’ত হাজাৰ হাজাৰ লোকে প্ৰধানমন্ত্ৰীৰ প্ৰতি সমৰ্থন আৰু সহযোগিতা আগবঢ়ায়। উল্লেখ্য যে কাইলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে নলবাৰীত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। বিজেপি মিত্ৰজোঁটৰ বৰপেটাৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × two =

Back to top button