Socialঅসমজীৱনশৈলীধাৰ্মিক

শ্বেইফৰ জীয়ৰী ছাৰাৰ কামাখ্যা দৰ্শনক লৈ নেট নাগৰিকৰ বিতৰ্ক

গোড়া হিন্দু আৰু গোড়া মুছলিম মানুহে সমালোচনা কৰিছে ছাৰা আলী খানৰ মন্দিৰ দৰ্শনক

অসমলৈ আহিছে বলীউডৰ অভিনেতা শ্বেইফ আলী খানৰ জীয়ৰী ছাৰা আলী খান। বীৰাংগনাৰ আধাৰত নিৰ্মিত এখন তথ্যচিত্ৰৰ শ্বুটিঙৰ বাবে অসমলৈ আহিছে মোহময়ী অভিনেত্ৰী গৰাকী। অভিনেত্ৰীগৰাকীয়ে অসমৰ বিভিন্ন ঠাই দৰ্শন কৰাৰ লগতে দেওবাৰে দৰ্শন কৰে নীলাচলৰ বুকুত থকা শক্তিপীঠ কামাখ্যা।

ছাৰাই কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ ফটো ভাইৰেল হ’ল ছচিয়েল মিডিয়াত। বহু মেইনষ্ট্ৰীম সংবাদ মাধ্যমত প্ৰচাৰিত হ’ল ছাৰা আলী খানৰ ফটো। বহুতেই অভিনেত্ৰীগৰাকীক ভাল মন্তব্য দিয়াৰ লগতে বহুতেই তলুঙা মন্তব্যৰে থকা-সৰকা কৰিলে অভিনেত্ৰী ছাৰাক।

অসমৰ প্ৰেক্ষাপটত ছাৰাৰ কামাখ্যা মন্দিৰ দৰ্শনৰ প্ৰসংগটো কোনো বিতৰ্কৰ বিষয় নহয়। কিয়নো এই মন্দিৰৰ দুৱাৰ সকলোৰে বাবে সদায় মুকলি।

কিন্তু কিছুমান গোড়া হিন্দু আৰু গোড়া মুছলিম মানুহে সমালোচনা কৰিছে ছাৰা আলী খানৰ মন্দিৰ দৰ্শনক। গোড়া হিন্দু মানুহে কয় যে, ছাৰাৰ কামাখ্যা দৰ্শনে অপবিত্ৰ কৰি তুলিছে মন্দিৰৰ চৌহদ। আনহাতে, গোড়া মুছলিমসকলে কয় যে, এটা হিন্দু মন্দিৰ দৰ্শন কৰাৰ বাবেই আল্লাই কেতিয়াও ক্ষমা নকৰে ছাৰাক।

অৱশ্যে সৰুৰে পৰা পিতৃ শ্বেইফ আলী খানৰ বাবে মুছলমান ৰীতি-নীতি অনুসৰণ কৰা ছাৰাই মাতৃ অমৃতা সিং শিখৰ বাবে গণেশ চতুৰ্থীও পালন কৰে নিজ গৃহত। মাতৃৰ সৈতে মন্দিৰ, দৰগাহ পৰিগদৰ্শন কৰা ছাৰাই কিদৰে নেট নাগৰিকৰ ভাল-বেয়া মন্তব্যক গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine − 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.