বলিউডভাৰতমনোৰঞ্জন

কেতিয়াকৈ মুক্তি পাব প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ বায়’পিক!

অটল বিহাৰী বাজপেয়ীৰ বায়’পিকৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব বলিষ্ঠ অভিনেতা পংকজ কুমাৰ ত্ৰিপাঠীয়ে

নিৰ্মাণ হ’ব ৰাজনীতিবিদ তথা ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ বায়’পিক। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব বৰ্তমান সময়ৰ এগৰাকী বলিষ্ঠ অভিনেতা পংকজ কুমাৰ ত্ৰিপাঠীয়ে। ভানুশালি ষ্টুডিঅ’লিমিটেড আৰু লিজেণ্ড ষ্টুডিঅ’ৰ প্ৰযোজনা কৰা অটল বিহাৰী বাজপেয়ীৰ বায়’পিকখনৰ নাম হৈছে মেইন ৰহুন ইয়া না ৰাহুন য়ে দেশ ৰেহনা চাহয়ে অটল। এই ছবিখন পেংগুইন প্ৰকাশনৰ কিতাপ ‘দ্য আনটোল্ড বাজপেয়ী: পলিটিক্স এণ্ড পেৰাডক্স’ৰ ওপৰত আধাৰিত। ছবিখনৰ দৃশ্যগ্ৰহণ ২০২৩ চনত আৰম্ভ হ’ব আৰু যদি সকলো ঠিকে থাকে তেন্তে ই ২০২৩ চনৰ শেষৰ পিনে বক্স অফিচলৈ আহিব। অৰ্থাৎ মানুহে তেওঁৰ ৯৯ তম জন্ম বাৰ্ষিকীত পৰ্দাত ছবিখন চাবলৈ পাব। ৰবি জাধৱৰ এই ছবিখন সন্দীপ সিং আৰু বিনোদ ভানুশালীয়ে প্ৰযোজনা কৰিছে।

 

অভিনেতা পংকজ কুমাৰ ত্ৰিপাঠীয়ে নিজেই ছবিখনত অভিনয় কৰা বাতৰিটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি লিখিছে, “ভাৰত জমিন কা টুকড়া নেহী, জিতা জাগতা ৰাষ্ট্ৰপুৰুষ হে!– মই ডাঙৰ পৰ্দাত এই শাৰীটো লিখা মহান নেতা অটল বিহাৰী বাজপেয়ীজীৰ চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পাইছো। মই ভাবো এইটো মোৰ সৌভাগ্য। #ATAL সোনকালেই আহি আছে।‘’

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen + 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.