
বিপৰ্যয়…….
টকাৰ মূল্যৰ অভাৱনীয় পতন। ১১ মাহত টকাৰ পতনৰ অভিলেখ। ডলাৰৰ বিপৰীতে ৮৯ টকালৈ পতন ভাৰতীয় মূদ্ৰাৰ। মনমোহন সিং চৰকাৰৰ আমোলতকৈও এতিয়া অধিক অধোগতি টকাৰ। ডলাৰৰ বিপৰীতে টকাৰ মূল্য হুৰ হুৰাই কমিছে। কিন্তু ভাৰতীয় মূদ্ৰাৰ এই পতন সন্দৰ্ভত মৌন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিগত ১১ মাহত টকাৰ পতনৰ হাৰ ৪.৩%। পৰিস্থিতি এইদৰে গতি কৰিলে ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৯০ টকাৰ অংক অতিক্ৰম কৰিব পাৰে বুলি আশংকা কৰা হৈছে।
টকাৰ স্থিতিয়ে ভাৰতীয় অৰ্থনীতিৰ প্ৰকৃত দাপোন। মোদী চৰকাৰে যিমানেই বিকাশৰ শ্লোগান নিদিয়ক কিয় ভাৰতীয় মুদ্ৰাৰ এই বিপৰ্যয়ে ভাৰতৰ অৰ্থনীতিৰ ফোপোলা স্বৰূপ উদঙাই দিয়া বুলি চৰ্চা চলিছে। টকাৰ এই পতনৰ মূল কাৰণ হিচাপে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বাণিজ্য যুদ্ধকে জগৰীয়া কৰা হৈছে। ট্ৰাম্প প্ৰশাসনে ভাৰতীয় পণ্যৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ বাবে আমেৰিকালৈ ভাৰতীয় পণ্যৰ ৰপ্তানী হ্ৰাস পাইছে। ইমান দিনে আমেৰিকাৰ বজাৰত ভাৰতীয় পণ্য
বিক্ৰী কৰি ভাৰতে বিপুল পৰিমানৰ ডলাৰ উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। কিন্তু এতিয়া ভাৰতলৈ ডলাৰৰ সৰবৰাহ হ্ৰাস পাইছে । ফলত ডলাৰৰ চাহিদা ভাৰতত বৃদ্ধি পাইছে। সেইবাবে অধিক দামত ডলাৰ ক্ৰয় কৰিব লগা হৈছে ভাৰতে।
টকাৰ অৱমূল্যায়নে ভাৰতৰ বিদেশী মূদ্ৰাৰ ভাণ্ডাৰতো বিৰূপ প্ৰভাৱ পেলাব। কাৰণ, বিশ্ব বজাৰত ডলাৰৰ বিপৰীতে ক্ৰয়-বিক্ৰয় হয়। এতিয়া ভাৰতে আমদানিৰ বাবে অধিক ব্যয় কৰিব লাগিব । বিশেষকৈ ভাৰতে প্ৰয়োজনীয় ৮৮ শতাংশ খাৰুৱা তেল আমদানি কৰে । এই ইন্ধন আমদানিৰ বাবে বৃহত পৰিমানৰ পূঁজি ব্যয় কৰিব লাগিব ভাৰতে । গতিকে টকাৰ পতন অব্যাহত থাকিলে পেট্ৰ’ল-ডিজেলৰ দামো বৃদ্ধি পাব পাৰে বুলি চৰ্চা চলিছে।