AssamCity newshealthleatest updateঅসমগুৱাহাটীজীৱনশৈলীদৈনিক বাতৰিস্বাস্থ্য

মাজনিশালৈ আপোনাৰ টোপনি নাহে নেকি?

তেন্তে মানি চলক এইসমূহ সহজ টিপচ!

ভাল টোপনি হ’লে সুস্বাস্থ্যৰ চাবিকাঠি। গোটেই দিনটো সতেজ হৈ থাকিবলৈ প্ৰত্যেককে ভাল টোপনিৰ প্ৰয়োজন। মন-মগজু আৰু শৰীৰক সুস্থ, সতেজ কৰি ৰখাত পৰ্যাপ্ত পৰিমাণৰ টোপনিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শৰীৰৰ বাবে ৭ৰ পৰা ৮ ঘণ্টাৰ টোপনি আমাৰ বাবে অতি প্ৰয়োজনীয়। আচলতে ভালকৈ শুলে মানসিক স্বাস্থ্যও ভালে থাকে। কিন্তু আজি কালি প্ৰায় সংখ্যক লোকে নিদ্ৰাহীনতাত ভুগা পৰিলক্ষিত হয়।

ৰাতি ভাল টোপনি হ’বলৈ হ’লে কিছুমান বিশেষ নিয়ম মানি চলা উচিত। মানি চলক এইসমূহ সহজ টিপচ্ :

১) ম*দ্য*পান আৰু কেফেইন সেৱন নিয়ন্ত্ৰণ কৰিব লাগে। ম*দ্য*পানে টোপনিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। একে সময়তে কেফেইনে শৰীৰক অতি সক্ৰিয় কৰি তোলে, যাৰ ফলত টোপনি বিঘ্নিত হ’ব পাৰে। ভাল টোপনিৰ বাবে ম*দ্য*পান কমাব লাগে আৰু শোৱাৰ ৬ ঘণ্টা আগতে কফি সেৱন কৰিব নালাগে।

২) দিনত উজ্জ্বল পোহৰত কাম কৰিলে টোপনি আৰু চকুৰ বাবে উপকাৰী হ’ব পাৰে। সন্ধিয়াৰ পিছত নীলা পোহৰ পৰিহাৰ কৰিব লাগে। কোঠাটোৰ পোহৰ উজ্জ্বল আৰু আৰামদায়ক কৰি ৰাখিব লাগে। ভাল টোপনিৰ বাবে কোঠাৰ উষ্ণতাৰো যত্ন ল’ব লাগে।

৩) শোৱাৰ পূৰ্বে গা ধুলে উপকাৰ হয়। ইয়াৰ উপৰিও ব্যায়ামে আপোনাৰ টোপনি ভাল কৰাত সহায় কৰে। যিমানেই শাৰীৰিক ক্ৰিয়া-কলাপ বেছি সিমানেই পেশীবোৰ শিথিল হৈ পৰে আৰু টোপনি সিমানেই ভাল হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + 10 =

Back to top button