AssamInternationalleatest updateSports

এছিয়া হকী চেম্পীয়নশ্বিপত উজলিল ভাৰতীয় মহিলা হকী দল।

৪–০ গ’লত পৰাস্ত জাপানক।

এছিয়া মহিলা হকী চেম্পীয়নশ্বিপত বিজীয় হ’ল ভাৰত। জাপানক ৪–০ গ’লত পৰাস্ত কৰি নতুন এছিয়ান চেম্পীয়ন হিচাপে উজলি উঠিল ভাৰতীয় মহিলা হকী দলটো। ৰাঁছীত দেওবাৰে অনুষ্ঠিত এছিয়া মহিলা হকী চেম্পিয়নশ্বিপৰ ফাইলেনত সংগীতা কুমাৰী, নেহা গোয়েল, লালৰেম ছিয়ামী আৰু বন্দনা কাটিয়াৰৰ গ’লেৰে যোৱাবাৰৰ চেম্পিয়ন জাপনক পৰাভূত কৰে।

এই জয়ৰ লগে লগে দ্বিতীয়বাৰৰ বাবে মহিলা হকীত এছিয়াৰ শ্ৰেষ্ঠ দল হিচাপে পৰিগণিত হ’ল ভাৰত। ইয়াৰ পূৰ্বে ২০১৬ চনত ছিংগাপুৰত অনুষ্ঠিত এছিয়ান চেম্পিয়নশ্বিপত ভাৰতে বিজয় সাব্যস্ত কৰিছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 − eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.