leatest updateঅসমখেলগুৱাহাটী

লিঅ’নেল মেছীৰ অনুৰাগীসকলৰ বাবে দুঃসংবাদ, চিন্তাত দলো!

lionel কাটাৰ বিশ্বকাপ জয়ৰ পিছত ক্লাব ফুটবলতো ছন্দত আছে আৰ্জেণ্টিনাৰ তাৰকা লিঅ’নেল মেছী

লিঅ’নেল মেছীৰ আঘাত দূৰ হৈছেনে নাই সেই সম্পৰ্কে কোনো তথ্য পোহৰলৈ অহা নাই। ফলত শেষপৰ্যন্ত যদি মেছীয়ে বায়াৰ্নৰ বিৰুদ্ধে খেলিব নোৱাৰে তেন্তে কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পিএছজি।

Lionel কাটাৰ বিশ্বকাপ জয়ৰ পিছত ক্লাব ফুটবলতো ছন্দত আছে আৰ্জেণ্টিনাৰ তাৰকা লিঅ’নেল মেছী। পিএছজিৰ হৈ একাধিক গল কৰিছে মেছীয়ে।

কিন্তু এইবাৰ মেছীৰ অনুৰাগীসকলৰ বাবে দুঃখবৰ। নেইমাৰ, এমবাপেৰ পিছত এইবাৰ আঘাতপ্ৰাপ্ত মেছী। শনিবাৰে মোনাকোৰ বিৰুদ্ধে খেলিব নোৱাৰিব আৰ্জেণ্টিনাৰ বিশ্বকাপজয়ী মহাতাৰকাগৰাকীয়ে।

ফ্ৰেঞ্চ কাপৰ অন্তিম ১৬ৰ মেচত মাৰছেইলৰ বিৰুদ্ধে ২–১ গলত পৰাস্ত হয় পিএছজি। সেই মেচত আৰ্জেণ্টিনাৰ তাৰকাগৰাকী হেমষ্ট্ৰিঙত আঘাত পায়। সেই সময়ত যথেষ্ট বিষ আছিল মেছীৰ।

পিএছজিৰ কোচ ক্ৰিষ্টোফ গালচিয়ে অৱশ্যে মেচীৰ আঘাতক লৈ খুব বেছি তিন্তিত নহয়। চেম্পিয়ন্স লীগৰ মেচত মেছীক পোৱাক লৈ আশাবাদী ফৰাচী ক্লাবৰ কোচগৰাকী। সোমবাৰে অনুশীলনত নামিব পাৰে মেছী।

লিঅ’নেল মেছীৰ আঘাত দূৰ হৈছেনে নাই সেই সম্পৰ্কে কোনো তথ্য পোহৰলৈ অহা নাই। ফলত শেষপৰ্যন্ত যদি মেছীয়ে বায়াৰ্নৰ বিৰুদ্ধে খেলিব নোৱাৰে তেন্তে কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পিএছজি।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.