অসম

কথা দি কথা ৰাখিলে মুখ্যমন্ত্ৰীয়ে,পৰিমীতা দাসৰ ভগ্নী আৰু ইন্দ্ৰেশ্বৰ বৰাৰ পত্নীক নিযুক্তি পত্ৰ প্ৰদান

১০ ডিচেম্বৰতে অসম চৰকাৰৰ কেবিনেটত লোৱা হৈছিল দুয়োগৰাকীকে নিযুক্তি দিয়াৰ সিদ্ধান্ত

নিমাতীত প্ৰাণ হেৰুওৱা পৰিমীতা দাস আৰু ইন্দ্ৰেশ্বৰ বৰাৰ পৰিয়াললৈ কিছু সকাহ। অৱশেষত কথা দি কথা ৰাখিলে মুখ্যমন্ত্ৰীয়ে। মাজুলীৰ নাও দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি লোৱা পৰিমীতা দাসৰ ভগ্নী মধুমিতা দাস আৰু ইন্দ্ৰেশ্বৰ বৰাৰ পত্নীক নিযুক্তি পত্ৰ প্ৰদান অসম চৰকাৰৰ।

শনিবাৰে, জনতা ভৱনত নিযুক্তি পত্ৰ প্ৰদান কৰিলে মুখ্যমন্ত্ৰীয়ে। পৰিমীতা দাসৰ ভগ্নী মধুমিতা দাসক ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসম সঞ্চালকালয়ত প্ৰবক্তা পদত নিযুক্তি। আনহাতে, ইন্দ্ৰেশ্বৰ বৰাৰ পত্নী ৰূপৰেখা বৰা সেনাপতিকো লখিমপুৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ পদত নিযুক্তি দিয়া হয়।

১০ ডিচেম্বৰতে অসম চৰকাৰৰ কেবিনেটত লোৱা হৈছিল দুয়োগৰাকীকে নিযুক্তি দিয়াৰ সিদ্ধান্ত। সিদ্ধান্তৰ পিছতে আজি মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানিকভাৱে জনতা ভৱনত দুয়োগৰাকীকে নিযুক্তি পত্ৰ প্ৰদান কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 + three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.