Socialঅসমজীৱনশৈলী

প্ৰিয় ব্যক্তি ডঃ হিমন্ত বিশ্ব শৰ্মাক দিব উপহাৰ, শিল্পীৰ হাতত প্ৰাণ পাই উঠিছে হেলিকপ্টাৰ

জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীৰ বাবে উপহাৰ তৈয়াৰ কৰিছে তীৰ্থনগৰী হাজোৰ মনাহকুছি গাঁৱৰ কুটীৰ শিল্পী ৰমাকান্ত মালাকাৰে

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক উপহাৰ দিবলৈ সাজু তীৰ্থনগৰী হাজোৰ এজন বিশেষ ব্যক্তি। জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীৰ বাবে উপহাৰ তৈয়াৰ কৰিছে তীৰ্থনগৰী হাজোৰ মনাহকুছি গাঁৱৰ কুটীৰ শিল্পী ৰমাকান্ত মালাকাৰে।

শিল্পী গৰাকীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে এখন হেলিকপ্টাৰ । বাঁহ-বেতেৰে প্ৰায় এমাহজোৰা কষ্টৰ ফলত সাজি উলিওৱা এই হেলিকপ্টাৰখন ৰাজ্যখনৰ মুখ্যমন্ত্ৰীক উপহাৰ হিচাপে প্ৰদান কৰিবলৈ পূৰ্বৰে পৰাই মনত হেপাঁহ পুহি ৰাখিছে শিল্পী গৰাকীয়ে।

উল্লেখযোগ্য যে, ২০১৬ চনতো ৰমাকান্ত মালাকাৰে প্ৰিয় ব্যক্তিজনক এখন যুঁজাৰু বিমান উপহাৰ হিচাপে দিবলৈ সাজু কৰিছিল যদিও যোগাযোগৰ অভাৱৰ বাবে শিল্পী গৰাকীয়ে প্ৰদান কৰাত ব্যৰ্থ হৈছিল এই বিমানখন।  পৰৱৰ্তী সময়ত তেওঁ নিৰ্মাণ কৰা বাঁহ-বেতৰ হেলিকপ্টাৰখন উপহাৰ হিচাপে মুখ্যমন্ত্ৰীক প্ৰদানৰ ক্ষেত্ৰত সহায় কৰিবলৈ সাংবাদিকসকলক অনুৰোধ জনাইছে শিল্পী গৰাকীয়ে ।

সুদীৰ্ঘ পঞ্চাশ বছৰ কুটীৰ শিল্পৰ সৈতে জড়িত শিল্পী ৰমাকান্তৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে এটাৰ পিছত আনটো চালে চকুৰোৱা শিল্প। কেৱল কুটিৰ শিল্পই নহয়, বিয়া-সবাহৰ বাবে ৰমাকান্ত মালাকাৰে ধানেৰে সাজি উলিয়াইছে অসমীয়াৰ পৰম্পৰাগত আ-অলংকাৰ। এই শিল্পক সজীৱ কৰি ৰাখিয়েই শিল্পীগৰাকীয়ে পোহপাল দি আহিছে পৰিয়াল। অসমীয়া সমাজত লাহে-লাহে হেৰাই যাবলৈ ধৰা এই শিল্পটোৰ লগত জড়িত থাকিয়েই  হাজো অঞ্চলত ৰমাকান্তই দাঙি ধৰিবলৈ সক্ষম হৈছে এক সুকীয়া পৰিচয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 + four =

Check Also
Close
Back to top button