খাদ্যজীৱনশৈলী

কোন সমূহ খাদ্যই স্বাস্থ্যকৰ কৰি ৰাখিব আপোনাৰ হৃদযন্ত্ৰটো। চাওক এই তথ্য!

হৃদযন্ত্ৰটো ভালে ৰাখিবলৈ হ'লে শৰীৰক প্ৰয়োজন পুষ্টিকৰ খাদ্যৰ

মানৱ শৰীৰৰ বাবে আপুৰুগীয়া অংশ হৈছে হৃদযন্ত্ৰ। হৃদযন্ত্ৰ অবিহনে বিকল মানৱদেহ। হৃদযন্ত্ৰটো ভালে ৰাখিবলৈ হ’লে শৰীৰক প্ৰয়োজন পুষ্টিকৰ খাদ্যৰ। আজিকালি বজাৰত উপলব্ধ বেছি সংখ্যক খাদ্য সামগ্ৰীয়ে ভেজাল। এই ভেজাল খাদ্যসমূহ খোৱাৰ ফলত বহুতো লোকে ভুগিবলৈ লৈছে হৃদযন্ত্ৰৰ ৰোগত। হৃদযন্ত্ৰটো ৰোগমুক্ত কৰি ৰাখিবলৈ সলনি কৰক আপোনাৰ খাদ্যভাস। কি কি খাদ্য খালে স্বাস্থ্যকৰ হৈ থাকিব আপোনাৰ হৃদযন্ত্ৰটো জানো আহক,

 

 

১. অমেগা ৩ সমৃদ্ধ খাদ্য যেনে চৰ্বিযুক্ত মাছ, ফ্লেক্স বীজ, চিয়া বীজ আৰু আখৰোটত ইত্যাদি আপোনাৰ হৃদযন্ত্ৰ ৰখাৰ বাবে এক মুখ্য খাদ্য।
২. খাদ্য ৰান্ধোতে সদায় স্বাস্থ্যকৰ তেল ব্যৱহাৰ কৰিব। সৰিয়হ, নাৰিকল, গৰুৰ ঘিউৰ দৰে তেলত ভাল কলেষ্টেৰল বৃদ্ধি কৰা উপাদান থাকে, যি স্বাস্থ্যৱান হৃদযন্ত্ৰৰ বাবে অতি প্ৰয়োজনীয়।
৩. নহৰু খোৱাটো হৃদযন্ত্ৰৰ বাবে ভাল কিয়নো ইয়াৰ বেয়া কলেষ্টৰেল হ্ৰাসকাৰী গুণাগুণ আছে, আৰু লগতে তেজ পাতল কৰা কাৰক হিচাপেও কাম কৰে নহৰুৱে।
৪. বিভিন্ন ফল-মুল যেনে জামু, আঙুৰ, ডালিম আদি যথেষ্ট পৰিমাণে খাব লাগে কিয়নো এইবোৰত উচ্চ পৰিমাণৰ এণ্টিঅক্সিডেণ্ট থাকে, যি হৃদযন্ত্ৰৰ বাবে ভাল।
৫. বীটৰুট হৈছে হৃদযন্ত্ৰৰ বাবে আন এক অতি প্ৰয়োজনীয় খাদ্য। কিয়নো বীটৰুটৰ এণ্টিঅক্সিডেণ্ট হিচাপে কাম কৰাৰ সামৰ্থ্য আছে।
৬. হৃদযন্ত্ৰক স্বাস্থ্যৱান কৰি ৰাখিবলৈ আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ কল এবিধ উপযুক্ত খাদ্য। কিয়নো শৰীৰৰ বাবে উপযোগী পটাছিয়াম যথেষ্ট পৰিমাণে কলত থাকে।
৭. বাদাম আৰু আখৰোট আ পটাছিয়াম, মেগনেছিয়াম আৰু ভিটামিন-ই ৰ দৰে গুৰুত্বপূৰ্ণ উপাদান থাকে, যি ভাল হৃদযন্ত্ৰৰ বাবে অত্যাৱশ্যকীয়।
৮. সেউজীয়া, ব্লেক টি, অপৰাজিতা চাহকে ধৰি সকলো জৈৱিক চাহ এণ্টিঅক্সিডেণ্টেৰে ভৰ্তি যি হৃদযন্ত্ৰৰ বাবে উপকাৰী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 + 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.