Assamleatest update

কুৰুক্ষেত্ৰলৈ পৰিণত বিহগুৰি উন্নয়ন খণ্ডৰ ড০ ভূপেন হাজৰিকা সভাকক্ষ

বিগত কিছু মাহ ধৰি এই বিষয় লৈ উত্তাল হৈ আছে বিহগুৰি...

কুৰুক্ষেত্ৰলৈ পৰিণত বিহগুৰি উন্নয়ন খণ্ডৰ ড০ ভূপেন হাজৰিকা সভাকক্ষ। সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত পূৰ্বৰ ১ নং বিহগুৰি গাঁও পঞ্চায়ত আৰু ২ নং বিহগুৰি গাঁও পঞ্চায়ত একত্ৰিকৰণ কৰি বিহগুৰি গাঁও পঞ্চায়ত কৰা হৈছিল।

বিগত কিছু মাহ ধৰি এই বিষয় লৈ উত্তাল হৈ আছে বিহগুৰি। এই ঘটনাৰ দ্বাৰা ১নং বিহগুৰি আৰু ২নং বিহগুৰিৰ মাজত শান্তি-সম্প্ৰীতি বিঘ্নিত কৰাৰ সন্দেহ কৰা হৈছে। দেওবাৰে পুৱা পঞ্চায়তটোৰ অন্তৰ্গত প্ৰায় ২০খনকৈ গাঁৱৰ গাঁও উন্নয়ন সমিতিৰ বিষয়ববীয়াৰ লগতে খণ্ড উন্নয়ন বিষয়াৰ উপস্থিতিত অনুষ্ঠিত হৈছিল সভা।

সভাখনৰ মূল লক্ষ্য আছিল বিহগুৰি গাঁও পঞ্চায়তৰ কাৰ্যালয় কেন্দ্ৰিক বিতৰ্কৰ অৱসান ঘটোৱা। পিছে এই সভাতে সৃষ্টি হয় সংঘাত।

ইফালে সমষ্টি পুনৰ নিৰ্ধাৰণত বহু পঞ্চায়ত নতুনকৈ গঠন কৰা হৈছে যদিও খিলঞ্জীয়া লোকৰ বসতিপ্ৰধান বিহগুৰিত এটা পঞ্চায়ত লুপ্ত হোৱাটোৱেও বিশেষ তাৎপৰ্য বহন কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − sixteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.