অসম

মহানগৰীত আয়োজন পঞ্চম সংখ্য়ক উত্তৰ-পূৰ্বাঞ্চল পাব্লিক ৰিলেশ্ব্যন কনক্লেভ

এই পাব্লিক ৰিলেশ্ব্যন কনক্লেভত আলোচিত হ'বলগীয়া বিষয় হৈছে "পি আৰ ইন এক্সন ডিউৰিং ডিজাষ্টাৰ টাইমচ।"

পাব্লিক ৰিলেশ্ব্যন চছাইটী অব ইণ্ডিয়া, গুৱাহাটী শাখাৰ উদ্যোগত ৮ জানুৱাৰীত গুৱাহাটী মহানগৰীত আয়োজন কৰা হৈছে পাব্লিক ৰিলেশ্ব্যন কনক্লেভ। মহানগৰীৰ লেণ্ডমাৰ্ক হোটেলত পুৱা ৯.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব পঞ্চম সংখ্যক উত্তৰ-পূৰ্বাঞ্চল পাব্লিক ৰিলেশ্ব্যন কনক্লেভ।

এই পাব্লিক ৰিলেশ্ব্যন কনক্লেভত আলোচিত হ’বলগীয়া বিষয় হৈছে “পি আৰ ইন এক্সন ডিউৰিং ডিজাষ্টাৰ টাইমচ।”

অনুষ্ঠানৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা, অতিথিৰূপে থাকিব উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ সঞ্চালক অনশূল গুপ্তা। আনহাতে, প্ৰথম ভাগত এই বিষয়বস্তু সম্পৰ্কে মতামত আগবঢ়াব আই. এ. এছ ডঃ লস্কমনন আৰু ডঃ জয়ন্ত দাসে । একেদৰে দ্বিতীয় ভাগত এই বিষয়বস্তু সন্দৰ্ভত নিজৰ বহুমূলীয়া মতামত আগবঢ়াব জাহ্নৱী ফুকন আৰু মিগেল দাস কোৱাহে।

আনহাতে, কনক্লেভৰ সামৰণি অংশত মত-বিনিময় অনুষ্ঠানত উপস্থিত থাকিব অসমীয়া চলচ্চিত্ৰ জগতৰ বিশিষ্টা অভিনেত্ৰী চেতনা দাস আৰু বিশিষ্ট মুকাভিনেতা মইনুল হকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.