দৈনিক বাতৰিভাৰত

‘মন কী বাত’ত অলিম্পিকৰ গুণ গালে প্ৰধানমন্ত্ৰীয়ে

প্ৰতিটো পৰিয়ালক খেলৰ প্ৰতি আগ্ৰহী কৰি তুলিছে অলিম্পিকে

প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ত অলিম্পিকৰ গুণ গান। দেওবাৰে, মন কী বাতৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, এইবাৰ অলিম্পিকে প্ৰভাৱ পেলাইছে। প্ৰতিটো পৰিয়ালক খেলৰ প্ৰতি আগ্ৰহী কৰি তুলিছে অলিম্পিকে। বিশেষকৈ হকীৰ যাদুকৰ মেজৰ ধ্যানচাঁদক স্মৰণ কৰি তেওঁ কয় “সব খেলে, সব খিলে” (সকলোৱে খেলক, সকলোৱে উজ্বলি উঠক)।

মেজৰ ধ্যানচাঁদক সুঁৱৰি তেওঁ লগতে কয় যে, চাৰি দশকৰ পিছত দেশৰ ‘সন্তানে’ হকীত প্ৰাণ দিলে। অন্য য’তেই যিমান পদক লাভ নকৰক কিয়, হকীত পদক জয়ৰ পিছত দেশত আনন্দৰ লহৰ উঠিছে । এইবাৰ অলিম্পিকত পদক লাভ কৰিলে ভাৰতীয় হকী দলে। ক্ৰীড়াৰ বাবে আত্মা সমৰ্পন কৰা মেজৰৰ আত্মা প্ৰসন্ন হ’ল বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.