Educationদৈনিক বাতৰিভাৰত

হস্তান্তৰৰ পূৰ্বেই INS Vikrant পৰিদৰ্শন সেনাৰ শীৰ্ষ মহলৰ

স্বাধীনতা দিৱসৰ পূৰ্বেই ভাৰতীয় নৌ-সেনাই লাভ কৰিব প্ৰথমখন স্বদেশীয় যুদ্ধবিমান পৰিবাহী জাহাজ।

ভাৰতীয় নৌ-সেনাক হস্তান্তৰৰ পূৰ্বেই INS Vikrant পৰিদৰ্শন কৰে সেনাৰ তিনিওটা বিভাগৰ লগতে সংহত মুখ্যালয়ৰ এটা বিশেষ পৰিদৰ্শনকাৰী দলে। স্থলসেনা, বায়ুসেনা আৰু নৌ-সেনাৰ উপ মুখ্য-সেনা্ধ্যক্ষকে ধৰি সংহত মুখ্যালয়ৰ প্ৰধানে ভ্ৰমণ কৰে ভাৰতৰ প্ৰথমখন স্বদেশীয় যুদ্ধবিমান পৰিবাহী জাহাজ।

স্থলসেনাৰ উপ মুখ্য সেনাধ্যক্ষ লেফ. জেন. বিএছ ৰাজু, নৌ-সেনাৰ ভাইচ এডমিৰেল সতীশ নামদেও ঘোৰমাড়ে, বায়ুসেনাৰ এয়াৰ মাৰ্শ্বাল সন্দীপ সিং আৰু ষ্টাফ কমিটীৰ চীফ এয়াৰ মাৰ্শ্বাল বলভদ্ৰ ৰাধাকৃষ্ণাৰ নেতৃত্বত যোৱা দলটোৱে যুদ্ধবিমান পৰিবাহী জাহাজখন পৰিভ্ৰমণ কৰে।

এই ভ্ৰমণৰ সময়ত INS Vikrantৰ সবিশেষ ভূমিকা আৰু সুবিধা তথা সক্ষমতা সন্দৰ্ভত দলটোক অৱগত কৰায় কামাণ্ডিং বিষয়াগৰাকীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four − three =

Check Also
Close
Back to top button