অসমআঞ্চলিকআন্তঃৰাষ্ট্ৰীয়খেলগুৱাহাটী

বৰ্ষাপাৰাত T-20 মেচত ফ্লাড লাইট বন্ধ হোৱাৰ বাবে দায়ী কোন?

২০ মিনিটতকৈ অধিক সময় ধৰি বন্ধ হৈ পৰা ফ্লাড লাইটৰ প্ৰসংগই এতিয়া সকলোতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে

দেওবাৰে বৰ্ষাপাৰাত ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা হাইভল্টেজ টি২০ মেচখন দৰ্শকৰ যথেষ্ট ৰোমাঞ্চকৰ আছিল। দুয়োটা দলৰ প্ৰদৰ্শনে ক্ৰিকেটপ্ৰেমীসকলক আমোদ দিয়ে যদিও লগতে সংঘটিত হোৱা দুটামান ঘটনাই বিশেষ চৰ্চা লাভ কৰে। এইসমূহৰ ভিতৰত খেলৰ মাজতেই সাপ ওলোৱাৰ বিপৰীতে ষ্টেডিয়ামৰ ফ্লাড লাইট হঠাৎ বিকল হৈ পৰিছিল।

২০ মিনিটতকৈ অধিক সময় ধৰি বন্ধ হৈ পৰা ফ্লাড লাইটৰ প্ৰসংগই এতিয়া সকলোতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই সংক্ৰান্তত বিভিন্ন ক্ৰীড়া অনুৰাগীয়ে অসম ক্ৰিকেট সন্থাৰ লগতে APDCLকো দোষাৰোপ কৰিছে। চৌদিশে বিষয়টো চৰ্চিত হোৱাৰ পাছতেই অৱশেষত APDCL কৰ্তৃপক্ষই নিজৰ স্থিতি স্পষ্ট কৰে। বিষয়টো সন্দৰ্ভত APDCL কৰ্তৃপক্ষই লিখিছে-

“আপোনালোক সকলোৰে জ্ঞাতাৰ্থে জনোৱা হৈছে যে ২ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজৰ দ্বিতীয় টি-20 খেলৰ সময়ত এটা হাই মাষ্ট ফ্লাড লাইটে কাম কৰা বন্ধ কৰি দিছিল। বৰ্তনীটোৰ কিছু আভ্যন্তৰীণ ত্ৰুটিৰ বাবে পোহৰ কেইমিনিটমানৰ বাবে অকাৰ্যকৰী হৈছিল যিটো অসম ক্ৰিকেট এছ’চিয়েচন (এচিএ)ৰ অধিকাৰক্ষেত্ৰৰ ভিতৰত আছে।

এই সমস্যাটোৰ বাবে APDCL দায়ী নহয় আৰু সমগ্ৰ অনুষ্ঠানটোত APDCLৰ ফালৰ পৰা নিৰৱচ্ছিন্ন বিদ্যুৎ যোগান ধৰা হৈছিল।” উল্লেখ্যযোগ্য যে, দ্বিতীয় ইনিংছৰ আৰম্ভণিত দক্ষিণ আফ্ৰিকাৰ বেটছমেনে বেটিং কৰি থাকোতেই ফ্লাড লাইট বন্ধ হোৱাৰ বাবে দুয়োটা দলৰ খেলুৱৈ পেভিলিয়নলৈ উভতি গৈছিল। এই ঘটনাই ক্ৰিকেটপ্ৰেমীসকলক শংকিত কৰিছিল৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.