AssamCMO AssamHimanta Biswa SarmaInternationalleatest updatePMo indiaSocial

কাজিৰঙাত পৰ্যটনত নতুন দিগন্ত!

কাহিলী পুৱাই কঁহৰা বনাঞ্চলৰ মিহিমুখত মোদীৰ হাতী ছাফাৰী।

কাজিৰঙাত পৰ্যটনত নতুন দিগন্ত! কাজিৰঙাৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কাহিলী পুৱাই কাজিৰঙাত প্ৰৱেশ প্ৰধানমন্ত্ৰীৰ। কঁহৰা বনাঞ্চলৰ মিহিমুখত মোদীৰ হাতী ছাফাৰী। প্ৰদুন্য নামৰ হাতীত উঠি কাজিৰঙা পৰিদৰ্শন কৰিলে PMএ। হাতী ছাফাৰীৰ পিছতে মোদীয়ে কৰিলে জীপ ছাফাৰী। মোদীৰ সৈতে ফিল্ড ডিৰেক্টৰ সোণালী ঘোষ। কাজিৰঙাৰ প্ৰথমগৰাকী মহিলা সঞ্চালক ঘোষ। ৩০ খন জীপ সাজু কৰিছিল কৰ্তৃপক্ষই। কাজিৰঙা পৰিদৰ্শন কৰি অৰুণাচললৈ ৰাওনা প্ৰধানমন্ত্ৰী।

অৰুণাচলত প্ৰধানমন্ত্ৰীৰ দুটাকৈ কাৰ্যসূচী। মুকলি কৰিব ভাৰত-চীন সীমান্তৰ চেলা সুৰংগ। অৰুণাচলৰ পৰা হেলিকপ্টাৰযোগে আহিব যোৰহাটলৈ। যোৰহাটত উন্মোচন কৰিব মহাবীৰ লাচিতৰ প্ৰতিমূৰ্তি। হোলোঙাপাৰাৰ মৈদামস্থলীত নিৰ্মাণ কৰা হৈছে এই বিশাল প্ৰতিমূৰ্তি। মেলেং মেটেলিত অনুষ্ঠিত প্ৰধানমন্ত্ৰীৰ বিশাল জনসভা। ভাৰ্ছুৱেলী মুকলি কৰিব ৰাজ্যৰ কেইবাটাও প্ৰকল্প। দেশৰ কেইবাটাও বৃহৎ প্ৰকল্পও মুকলি কৰিব ভাৰ্ছুৱেলী। মুকলি কৰিব একেলগে ৫ লাখ ৫৫ হাজাৰ ৫৫টা PMAYৰ গৃহ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.