Socialখেল

এইবাৰৰ বিশ্ব চেম্পিয়নশ্বিপত দেখা নেপাব মেৰী কমক!

ভাৰতীয় ছুপাৰষ্টাৰ মেৰী কমে নিজেই এই কথা উল্লেখ কৰিছে।

ক্ৰীড়াপ্ৰেমীৰ বাবে দুঃখবৰ! ৬ বাৰৰ বিশ্ব চেম্পিয়ন মেৰী কমে নেখেলে বিশ্ব চেম্পিয়নশ্বিপ। ভাৰতীয় ছুপাৰষ্টাৰ মেৰী কমে নিজেই এই কথা উল্লেখ কৰিছে যে তেওঁ ২০২৩ চনৰ বিশ্ব চেম্পিয়নশ্বিপত অংশগ্ৰহণ নকৰে। মেৰী কমৰ অংশগ্ৰহণ নকৰাৰ আঁৰৰ কাৰণটো হ’ল তেওঁৰ আঘাত। মেৰী কমে কয় যে তেওঁ অতি সোনকালে সুস্থ হৈ উঠিবলৈ চেষ্টা কৰি আছে।

উল্লেখ্য যে, ৬ বাৰ বিশ্ব চেম্পিয়ন হোৱা বিশ্বৰ প্ৰথমগৰাকী মহিলা বক্সাৰ, তথা ৮ বাৰ বিশ্ব চেম্পিয়নশ্বিপত পদক লাভ কৰা বিশ্বৰ একমাত্ৰ বক্সাৰ মেৰী কমে কয় যে মই আশা কৰিছো এই চেম্পিয়নশ্বিপত আমি আৰু অধিক চেম্পিয়ন লাভ কৰিম পাম। প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা সকলো বক্সাৰক অভিনন্দন জ্ঞাপন কৰিছে মেৰী কমে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.