Covid-19Social Networkভাৰতস্বাস্থ্য

কৰ’ণাই পিতৃ-মাতৃহাৰা কৰিলে জনপ্ৰিয় ইউটিউবাৰ ভুৱন বামক

এমাহৰ ভিতৰত পিতৃ-মাতৃক হেৰুৱাই নিথৰুৱা হ'ল ইউটিউবাৰজন

প্ৰসিদ্ধ কৌতুক অভিনেতা, গায়ক আৰু ইউটিউবাৰ ভুৱন বামে তেওঁৰ পিতৃ-মাতৃ দুয়োজনকে  মাৰাত্মক কৰ’ণাত হেৰুৱাই। কৰ’ণাত আক্ৰান্ত হোৱাৰ এমাহৰ ভিতৰত ভুৱন বামৰ পিতৃ-মাতৃৰ মৃত্যু হয়। এক সামাজিক মাধ্যমৰ এটা পোষ্ট যোগে শনিবাৰে বামে তেওঁৰ পিতৃ-মাতৃৰ মৃত্যুৰ বিষয়ে অৱগত কৰে।

  ভুৱন বামে ছ‘চিয়েল মিডিয়া পোষ্টত কয় যে, “মোৰ দুয়োডাল জীৱনৰেখা মই ক’ভিডত হেৰুৱাইছো। আই আৰু বাবা অবিহনে একো আগৰ দৰে নাথাকিব। এমাহৰ ভিতৰতে সকলো শেষ হৈ গ’ল। এতিয়া আকৌ জীৱনতো আৰম্ভনিৰে পৰা জীয়াবলে শিকিব লাগিব। মই এজন ভাল পুত্ৰ আছিলোঁ নে? মই তেওঁলোকক বচাবলৈ পৰ্যাপ্ত পৰিমাণে চেষ্টা কৰিছিলোঁ নে? এই প্ৰশ্নবোৰৰ লগত চিৰদিন জীয়াই থাকিব লাগিব মই। তেওঁলোকক পুনৰ চাবলৈ অপেক্ষা থাকিব।  আশা কৰো সে্ই দিন সোনকালে আহিব।”

 উল্লেখ্য যে, ভুৱন বাম ইউটিউবৰ কমেডি চেনেল বি বি কি ভাইনছৰ বাবে অত্যন্ত জনপ্ৰিয় হৈ পৰিছিল। ২০১৮ চনত বামৰ ইউটিউব চেনেলে ১০ নিযুত ছাবচক্ৰাইবাৰ অতিক্ৰম কৰে। তেওঁ বি বি কি ভাইনচ প্ৰাইভেট লিমিটেডৰো কৰ্পোৰেচনৰ সঞ্চালক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.