প্ৰযুক্তি

আমি ভূল কৰা নাছিলো যদিও আমি হাৰি থাকিলো

এই ভাষ্য প্ৰখ্যাত ম'বাইল নিৰ্মাণকাৰী সংস্থা ন'কিয়াৰ মুখ্য পৰিচালন সঞ্চালকৰ।

আপুনি প্ৰথম ম’বাইলটো যেতিয়া ক্ৰয় কৰিছিল তেতিয়া আপোনাৰ প্ৰথম পচণ্ড কি আছিল? আজিৰ পৰা দুই দশক পূৰ্বে চৰ্চালৈ অহা ম’বাইল ফোনটো আছিল ন’কিয়া। বহুতৰ মাজত জনপ্ৰিয় হোৱা ন’কিয়া ফোনে নিজৰ জনপ্ৰিয়তাৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছিল।

শেহতীয়াকৈ ম’বাইল ফোনৰ বজাৰখনত বহুটো আন্তৰ্জাতিক প্ৰতিষ্ঠানৰ আগমণ হোৱাত পূৰ্বৰ সেই জনপ্ৰিয়তা হ্ৰাস পায় ন’কিয়াৰ। যাৰ পৰিনতিত ন’কিয়াৰ ব্যৱসায় যথেষ্ট ক্ষতিগ্ৰস্থ হয়। জনপ্ৰিয়তাৰ সমান্তৰালে ব্যৱসায়টো লোকচানৰ সন্মুখীন হয় ন’কিয়া। লোকচানৰ বোজা সহিব নোৱাৰাৰ বাবেই ন’কিয়াৰ ব্যৱসায়িক স্বত্ব বিক্ৰী কৰিবলৈ বাধ্য হয় প্ৰতিষ্ঠানটোৱে। বৰ্তমানে প্ৰতিষ্ঠানটোৰ অংশীদাৰিত্ব ক্ৰয় কৰিছে আন এক জনপ্ৰিয় তথা শক্তিশালী বহুজাতিক প্ৰতিষ্ঠান মাইক্ৰছফটে।

আমি ব্যৱসায়ত একো ভুল কৰা নাছিলো যদিও পৰিস্থিতিৰ বাবেই আমি এই দৌৰত পিছপৰি ৰ’লো। মাইক্ৰছফটৰ হাতত প্ৰতিষ্ঠানটোৰ অংশীদাৰিত্ব অৰ্পণৰ অন্তিম ক্ষণত অশ্ৰুশিক্ত নয়নেৰে এইদৰে ব্যাখ্যা কৰে ন’কিয়াৰ পৰিচালন সঞ্চালকগৰাকীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.