Covid-19অসম

বৃদ্ধি পালে ৰাজ্যত সান্ধ্য আইনৰ সময়! প্ৰকাশ পালে নতুন SOP

আজিৰে পৰা বলবৎ হ'ব নতুন SOP

বৃদ্ধি পালে ৰাজ্যত সান্ধ্য আইনৰ সময়। এক নতুন এছ অ পি প্ৰকাশ ৰাজ্য চৰকাৰৰ।

আজি ২৬ অক্টোবৰ তাৰিখৰ পৰা নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ থাকিব কাৰ্ফিউ। নিশা ১০ বজালৈ খোলা ৰাখিব পাৰিব দোকান পোহাৰসমুহ।

বিবাহ অনুষ্ঠানত কমেও একোটাকৈ ভেকচিন লোৱা ৫০ জন লোকক উপস্থিত থকাৰ অনুমতি। অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠানতো ৫০ লোকৰ উপস্থিতিৰ অনুমতি।

ধৰ্মীয় স্থানত প্ৰতি ঘণ্টাত দুয়োটা ভেকচিন গ্ৰহণ কৰা ৬০ লোকক উপস্থিত থকাৰ অনুমতি লগতে বিশেষ ধৰ্মীয় স্থানত প্ৰতি ঘণ্টাত দুয়োটা ভেকচিন গ্ৰহণ কৰা ৪০ গৰাকী লোকৰ উপস্থিতিত অনুমতি।

উল্লেখ্য যে, সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লকডাউন সন্দৰ্ভত ৰাজ্যত বৰ্তমান সময়ত কোনো কাৰণতে লকডাউন নহয় আৰু ভেকচিনৰ জৰিয়তে কৰণা সংক্ৰমণ ৰোধৰ হে চেষ্টা কৰিব ৰাজ্যৰ বুলি মন্তব্য দিয়াৰ পিছতে আজি ৰাজ্যত সান্ধ্য আইনৰ সময় এঘণ্টা বৃদ্ধিৰ জাননী প্ৰকাশ পালে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.