চিকিৎসাভাৰত

সংকটত জনপ্ৰিয় কমেডিয়ান ৰাজু শ্ৰীবাস্তৱ!

হৃদৰোগত আক্ৰান্ত হৈ সম্প্ৰতি দিন পাৰ কৰিছে ভেণ্টিলেটৰত

সংকটত জনপ্ৰিয় কমেডিয়ান ৰাজু শ্ৰীবাস্তৱ

হৃদৰোগত আক্ৰান্ত হৈ সম্প্ৰতি দিন পাৰ কৰিছে ভেণ্টিলেটৰত।

কমেডি কিং খ্যাত জনপ্ৰিয় কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱে সম্প্ৰতি দিন পাৰ কৰিছে হস্পিতালত। হৃদৰোগত আক্ৰান্ত হৈ বৰ্তমানে ভেণ্টিলেটৰত চিকিৎসাধীন হৈ আছে অভিনেতা গৰাকী। উল্লেখযোগ্য যে, যোৱা বুধবাৰে শৰীৰ চৰ্চা কৰি থকা সময়ত ট্ৰেডমিলৰ পৰা বাগৰি পৰে ৫৮ বছৰীয়া অভিনেতা গৰাকী।

পৰিয়ালৰ লোকে ততাতৈয়া এইমছত ভৰ্তি কৰে অভিনেতাজনক। চিকিৎসকে জনোৱা অনুসৰি, বৰ্তমান বিপদমুক্ত কমেডিয়ান ৰাজু শ্ৰীবাস্তৱ। কিন্তু কিছুদিন থাকিব লাগিব চিকিৎসকৰ তত্বাৱধানত।

২০০৫ বৰ্ষত সম্প্ৰচাৰিত হোৱা ষ্টেড আপ কমেডি শ্ব’ The Great Indian laughter Challenge ৰ যোগে চিনাকী লাভ কৰা ৰাজু শ্ৰীবাস্তৱে অতি কম দিনৰ ভিতৰতে স্থান লাভ কৰে দৰ্শকৰ হৃদয়ত।
‘মেনে প্যাৰ কিয়া’, ‘বাজীগৰ’, ‘তেজাব’, ‘অভয়’ আদিকে ধৰি বহু কেইখন ছবিত অভিনয় কৰিছে কমেডি কিং জনে। তাৰোপৰি ‘বিগ বচ চিজন ৩’ ৰো বিজেতা আছিল অভিনেতাজন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.