খেলভাৰত

৯ বছৰৰ পিছত IPLৰ নিলাম প্ৰক্ৰিয়ালৈ উভতি আহিছিল এইজন খেলুৱৈ, কিন্তু নাপালে কোনো ক্ৰেতা…

৯ বছৰৰ পাছত এগৰাকী খেলুৱৈ আহিছিল নিলাম প্ৰক্ৰিয়ালৈ, কিন্তু খেলুৱৈগৰাকীক ক্ৰয় কৰাৰ বাবে সন্মত নহ'ল কোনো দল।

আই পি এল মেগা নিলাম ২০২২। দুদিনীয়াকৈ বাংগালুৰুত অনুষ্ঠিত হ’ল ক্ৰিকেটাৰসকলৰ নিলাম প্ৰক্ৰিয়া। ক্ৰিকেটাৰসকলক ক্ৰয় কৰিবৰ বাবে ব্যয় হ’ল বহু কোটি টকা। বহু খেলুৱৈয়ে অধিক দাম পালে যদিও বহুতকেই কিন্তু এই নিলাম প্ৰক্ৰিয়াই নিৰাশ কৰিলে। বহুতেই খালী হাতেৰেই উভতি যাবলগীয়া হ’ল আই পি এলৰ নিলাম প্ৰক্ৰিয়াৰ পৰা। আনকি এগৰাকী খেলুৱৈয়ে ৯ বছৰৰ পাছত আহিছিল নিলাম প্ৰক্ৰিয়ালৈ, কিন্তু খেলুৱৈগৰাকীক ক্ৰয় কৰাৰ বাবে সন্মত নহ’ল কোনো দল।

কিংবদন্তী দ্ৰুত বলাৰ এছ শ্ৰীশান্ত। আই পি এল মেগা নিলামৰ বাবে নাম অন্তৰ্ভূক্ত হৈছিল যদিও কোনো দলে গুৰুত্ব নিদিলে এই খেলুৱৈজনক। শ্ৰীশ্ৰান্তক ৫০ লাখ মূল্যৰ আধাৰ মূল্যত ৰখা হৈছিল। ২০১৩ চনতে ৰাজস্থান ৰয়েলছৰ বাবে অন্তিমবাৰৰ বাবে খেল খেলা এছ শ্ৰীশান্তে ৯ বছৰৰ পাছত পুনৰ আই পি এলত খেলিবৰ বাবে আহিছিল যদিও সকলো দলে বিদায় দিলে খেলুৱৈগৰাকীক।

 

পুনৰ ভাগিল খেলুৱৈগৰাকীৰ আই পি এল খেলাৰ স্বপ্ন। নিলাম প্ৰক্ৰিয়াৰ পিছতে ছ’চিয়েল মিডিয়াত এক আৱেগিক পোষ্ট লিখে খেলুৱৈগৰাকীয়ে।

উল্লেখ্য যে, ২০১৩ চনৰ আই পি এলত মেচ ফিক্সিঙৰ বাবে এছ শ্ৰীশান্তক দোষী আৰোপ কৰা হৈছিল। যাৰবাবে তেখেতক নিষিদ্ধ কৰা হৈছিল। কিন্তু কেৰালা উচ্চ ন্যায়ালয়ে ২০২০ চনত শেষ কৰে খেলুৱৈগৰাকীৰ ওপৰত আৰোপ কৰা নিষিদ্ধতা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 + eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.